NORTHEAST NOW (Assamese)

সুৰাৰ বিপনী খোলাৰ অনুমতিৰ পাছতে গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

April 13, 2020 4:52 pm · দীপজ্যোতি শৰ্মা
Updated: April 13, 2020 5:22 pm
দুৰ্ঘটনাগ্ৰস্ত বাহনখন

ল’কডাউন চলি থকাৰ মাজতে ৰাজ্য চৰকাৰে সুৰাৰ বিপনী সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে মহানগৰীৰ পাঞ্জাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

জানিব পৰা মতে, এ এছ ০১ ই এফ ৯৫১৩ নম্বৰৰ এখন এভেঞ্জাৰ বাইকে পাছফালপ পৰা গৈ এ এছ ০১ ই ই ৩১১১ নম্বৰৰ এখন হুণ্ডাই গ্ৰ্যাণ্ড আই ১০ বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে।

এই ভয়ংকৰ দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাইক আৰোহী গৰাকী।

বাইক আৰোহী গৰাকীক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতাললৈ প্ৰেৰণ কৰা হৈছে।

আনহাতে, বৰ্তমানলৈ আৰক্ষীয়ে বাইক আৰোহী জনৰ পৰিছয় লাভ কৰিবলৈ সক্ষম হোৱা নায়।

আৰক্ষীয়ে বাইক আৰোহীজন সুৰাসক্ত অৱস্থাত আছিল বুলি জানিবলৈ দিয়ে।

সুৰাৰ বিপনী খোলাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতে গুৱাহাটী মহানগৰীত এইটো প্ৰথম পথ দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে, সমগ্ৰ দেশৰ লগতে অসমতো ক’ৰ’না ভাইৰাছ আতংকৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পাতালত আংশিকভাৱে ক’ৰ’না হস্পাতাললৈ উন্নীত কৰিছে।

জৰুৰীকালীন, প্ৰসুতি বিভাগে ধৰি তিনিটা বিভাগৰ বাহিৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অন্যান্য চিকিৎসা সেৱা সমূহ বন্ধ হৈ আছে।

Related News