NORTHEAST NOW (Assamese)

পূজাৰ মাজতে গুৱাহাটীত পথ দুৰ্ঘটনা; ১জন নিহত

October 17, 2018 10:14 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি

দুৰ্গা পূজাৰ উছাহৰ মাজতে আজি গুৱাহাটীত সংঘটিত পথ দুৰ্ঘটনাত এজন লোকে প্ৰান হেৰুৱাব লগা হয়। প্ৰাপ্ত তথ্য মতে পথ পাৰ হওঁতেই দ্ৰুতবেগত অহা ট্ৰাকে লোকজনক মহটিয়াই লৈ যায়।

অৱশ্যে বাতৰি লিখা পৰ্যন্ত নিহত লোকজনক চিনাক্ত কৰিব পৰা হোৱা নাই।

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ চাৰিআলিত এই পথ দুৰ্ঘটনাটো সংঘটিত হৈছিল। দুৰ্ঘটনাৰ খবৰ লাভ কৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গুৰুতৰভাৱে আহত লোকজনক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰাইছিল যদিও হাস্পতালত চিকিৎসাধীন অৱস্থাতে লোকজনৰ মৃত্যু হয়।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকচালকজনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।

Related News