NORTHEAST NOW (Assamese)

ওদালগুৰিৰ টংলাত ভয়ংকৰ পথ দুৰ্ঘটনা: ছাত্ৰৰ মৃত্যু

December 10, 2021 7:15 pm · চাজিদ খান, ওদালগুৰি
Updated: December 10, 2021 7:17 pm

ওদালগুৰি জিলাৰ টংলা নগৰৰ মঙলদৈ-ভূটিয়াচাং পথত আজি আবেলি সংঘটিত এটা পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহী যুৱকৰ থিতাতে মৃত্যু ঘটে ৷

জানিব পৰা অনুসৰি আজি আবেলি প্ৰায় ৩ বজাত পানীশেলি গাঁৱৰ খগেন বড়োৰ পুত্ৰ তথা ভেৰগাঁও বিলিএন্ট কলেজৰ একাদশ শ্ৰেণীৰ ছাত্ৰ দৈমালু বড়োৱে এএছ-২৭ ই ২৭৫৪ নম্বৰৰ স্কুটি এখনেৰে কলাইগাঁও দিশৰ পৰা টংলালৈ আহি আছিল।

সেই সময়তে একেদিশেৰে গৈ থকা ট্ৰাক অভাৰটেক্‌ কৰাৰ সময়তে অসাৱধান শতঃ ট্ৰাক খনৰ পিছ চকাৰ তলত সোমাই পৰে। ফলত যুৱকজনৰ থিতাতে মৃত্যু ঘটে।

ইপিনে ঘটনা সংঘটিত কৰিয়ে ট্ৰাক খনে পলায়ন কৰা বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে কলাইগাঁও থানাৰ আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ আহে আৰু এই সংক্ৰান্তত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷

ছাত্ৰজনৰ আকষ্মিক মৃত্যুত ভেৰগাঁও আৰু পানীশেলিত গভীৰ শোকৰ ছাঁ পৰিছে৷

Related News