NORTHEAST NOW (Assamese)

চামগুৰিত পথ দুৰ্ঘটনা; শিশুসহ এহাল দম্পতী আহত

September 14, 2019 10:26 pm · ভাৰ্গব হাজৰিকা

বিধ্বস্ত ৰাজপথৰ বাবেই নগাঁৱৰ চামগুৰিৰ হাঁহচৰা বৰালী গাঁৱত আজি নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়।

সন্ধ্যা প্ৰায় ৭.৩০ মান বজাত নগাঁৱৰ পৰা কলিয়াবৰ অভিমুখে আহি থকা এ এচ-০৪ ইউ-০৩৮৭ নম্বৰৰ এখন দ্ৰুতবেগী চুইফ্ট ডিজায়াৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা খাৱৈত সুমাই পৰে।

দুৰ্ঘটনাটোৰ ফলত গাড়ীখনত থকা এটি শিশুসহ এহাল দাম্পতি আঘাতপ্ৰাপ্ত হয়। আহত সকলোকে ততাতৈয়াকৈ স্থানীয় ৰাইজৰ সহযোগত চামগুৰি প্ৰাৰ্থমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

উল্লেখযোগ্য যে বিগত বহু দিন ধৰি নিৰ্মাণ কাৰ্য স্তব্ধ হৈ থকা ফলকবিহীন বিধ্বস্ত ৰাজপথ চোৱাৰ বাবেই ঠাইখিনিত সততে সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে।

Related News