NORTHEAST NOW (Assamese)

শিৱসাগৰত বলেৰ’ পিক আপে মহতিয়ালে বাইক আৰোহীক; থিতাতে নিহত এজন

January 23, 2019 7:17 am · পাৰ্শ্বজ্যোতি গগৈ

শিৱসাগৰ জিলাৰ দৰিকাপাৰত মঙলবাৰেে নিশা প্ৰায় ৯.৩০ মান বজাত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে প্ৰাণ হেৰোৱাব লগা হয়। নিহত ব্যক্তিজনক কৃষ্ণ দাস বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এখন বলেৰ’ পিক আপ বাহনৰ খুন্দাত কৃষ্ণ দাস নামৰ বাইক আৰোহী গৰাকীয়ে ঘটনাস্থলীতে মৃত্যুক সাবটি লয়। মটৰচাইকেলেৰে ঘৰলৈ বুলি আহি থকা অৱস্থাতে এখন তীব্ৰ বেগী বলেৰ’ পিক আপ গাড়ীয়ে খুন্দিওৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।

আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়েই বলেৰ’ পিক আপ খনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। সেই সময়ত নিহত দাসৰ লগত থকা ব্যক্তিজনে জনোৱা মতে কৃষ্ণ দাস আৰু তেওঁ একেলগে ঘৰলৈ আহি আছিল আৰু মটৰচাইকেলখন ঠেলি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হওঁতেই বলেৰ’ পিক আপ বাহনখনে তীব্ৰ গতিত তেওঁক খুন্দা মাৰে।

পেচাত ৰং কৰি দিন হাজিৰা কৰা নিহত কৃষ্ণ দাসৰ ঘৰ টিয়কৰ কাৱৈমাৰিত। তেওঁ শিৱসাগৰত ভাড়াতীয়া হিচাপে বাস কৰি আছিল।

Related News