NORTHEAST NOW (Assamese)
অসম

কোকৰাঝাৰত ভয়াবহ পথ দুৰ্ঘটনা: থিতাতে নিহত দুজন

Posted by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী, কোকৰাঝাৰ April 14, 2022 7:09 am
Road Accident

বুধবাৰে নিশা কোকৰাঝাৰৰ বালাজান তিনিআলিৰ লাউৰিপাৰাত এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়।

বিপৰীত দিশৰ পৰা আহি থকা এখন স্কুটি আৰু ৰয়েল এনফিল্ড বুলেটৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

দূৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুগৰাকী লোক গুৰুতৰভাৱে আহত হয়।

নিহত এজন ব্যক্তিক ৰুজুম বসুমতাৰী(২৭)বুলি চিনাক্ত কৰা হৈছে।

আনহাতে আনজন নিহতক অদ্যপি চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই।

আহত দুজনৰে এগৰাকী নিহত ৰুজুম বসুমতাৰীৰ পত্নী পুনম বসুমতাৰী বুলি জানিব পৰা গৈছে।

আনহাতে আনজন আহতক কৰ্ণজিৎ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে।

দূৰ্ঘটনাত নিহত ৰুজুম বসুমতাৰী এজন ৰে’লৱেৰ কৰ্মচাৰী আৰু কেইদিনমান পূৰ্বে ছুটী লৈ ঘৰলৈ আহিছিল।

বজাৰ সামৰি ঘৰলৈ উভতাৰ পথতে সংঘটিত হৈছিল এই দূৰ্ঘটনা।