NORTHEAST NOW (Assamese)
অসম

গেলেংফু আৰু চামদ্ৰুপ ঝংখাৰত দুটা নতুন পৰ্যটক প্ৰৱেশ পইণ্ট নিৰ্মাণ কৰিব ভূটানে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 2:34 pm

পৰ্যটকৰ আগমন বৃদ্ধি কৰাৰ উদ্দেশ্যে ভূটানে গেলেংফু আৰু চামদ্ৰুপ ঝংখাৰত দুটা নতুন পৰ্যটক প্ৰৱেশ পইণ্ট নিৰ্মাণ কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।

বৰ্তমান ফুৱেনটছ’গ্লিং আৰু পাৰো হৈছে ভূটানলৈ যোৱাৰ বাবে থকা পৰ্যটক প্ৰৱেশ পইণ্ট।

ভূটানৰ ইকোনোমিক কণ্টিজেনঞ্চি প্লান(ই চি পি) অনুসৰি ভূটান পৰ্যটন কাউঞ্চিলে গেলেংফু আৰু চামদ্ৰুপ ঝংখাৰত থকা নিৰীক্ষণ চকীত নতুন পৰ্যটক প্ৰৱেশ পইণ্ট দুটা নিৰ্মাণ কৰিব।

ক’ৰ’না মহামাৰীৰ আতংক শেষ হোৱাৰ পাছত ভূটান এই নতুন পৰ্যটন প্ৰৱেশ পইণ্ট দুটা মুকলি কৰি দিব বুলি জানিব পৰা গৈছে।

২০১৮ চনত ভূটান ভ্ৰমণ কৰা ৩৫ শতাংশ লোকে ভূটানৰ প্ৰাকৃতিক পৰিবেশৰ বাবে দেশখন ভ্ৰমণ কৰে বুলি উল্লেখ কৰিছিল।

বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভূটানত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ প্ৰৱেশ বন্ধ কৰি ৰখা হৈছে।