NORTHEAST NOW (Assamese)
অসম

হাউলীত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি : কেইবাজনো লোক আহত

Posted by: এন ই নাও নিউজ December 11, 2018 9:07 am
2017-04-20

এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰপেটা জিলাৰ হাউলীত সোমবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। হাউলী চহৰৰ পৰা প্ৰায় ২ কিলোমিটাৰ আঁতৰত ভবানীপুৰ উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত এখন যাত্ৰীবাহী মেজিকে বাইক আৰু চাইকেল আৰোহীক খুন্দিয়ায়।

উক্ত দুৰ্ঘটনাত চাৰিজন লোক গুৰুতৰভাৱে আহত হয়। স্থানীয় ৰাইজে ততাতয়াকৈ আহতসকলক হাউলী হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰে দুজনক সংকটজনক অৱস্থাত চিকিত্‍সকে বৰপেটালৈ প্ৰেৰণ কৰে।

ইপিনে হাউলীৰ চিকিৎসালয়খনত এম্বুলেঞ্চৰ সুবিধা নাছিল। কিন্তু এম্বুলেঞ্চ নাপাই একাংশ ক্ষুব্ধ লোকে চিকিৎসালয়খনত তাণ্ডৱ চলায়। উত্তেজিত লোকসকলে চিকিত্‍সক, চিকিত্‍সা কৰ্মীক আক্ৰমণ কৰাৰ লগতে চিকিৎলায়খনৰ আচবাব ভাঙি-ছিগি লণ্ডভণ্ড কৰে।

আনহাতে, ঘটনাৰ খৱৰ পাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিকিৎসালয়খনলৈ অহা  আৰক্ষীকো উত্তেজিত লোকৰ দলটোৱে আক্ৰমণ কৰে। এই আক্ৰমণৰ ফলত  দেৰছুং নাৰ্জাৰী, চাজন আলী আৰু আমিৰ আলী নামৰ ৩ জন আৰক্ষীৰ লোক আহত হয়। তদুপৰি, উন্মত্ত দলটোৱে আৰক্ষীৰ গাড়ীৰো ক্ষতিসাধন কৰে।

ইপিনে, হাউলী আৰক্ষীয়ে ঘটনাৰে জড়িত ১২জন যুৱকক আটক কৰাৰ লগতে ১৫খন বাইকো জব্দ কৰিছে।