NORTHEAST NOW (Assamese)
অসম

নগাৱঁৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইকৰ সৈতে দুই যুৱকক চোঁচৰাই নিলে বলেৰ’ৱে

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা July 14, 2019 8:00 pm
Road accident on NH 37 in Assam's Nagaon

নগাওঁ জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পহুকটাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে বিয়লি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ঘটনাটোত সৌভাগ্যক্ৰমে কোনো লোক নিহত হোৱা নাই যদিও এখন দ্ৰুতবেগী বলেৰ’ গাড়ীয়ে বাইকৰ সৈতে চোঁচৰাই নিয়াত গুৰুতৰভাৱে আহত হৈছে দুয়ো বাইক আৰোহী।

যুৱক দুজনক গাড়ীখনে প্ৰায় ডেৰশ মিটাৰ দূৰ চোঁচৰাই নিয়ে।

আহত দুজনক ৰূপহীহাট বৰপকা গাৱঁৰ নিবাসী আব্দুল কৰিমৰ পুত্ৰ ইক্ৰামুল হুছেইন (২৬) আৰু এমদাদুল হুছেইন (২৮) বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ খবৰ পাই উপস্থিত হোৱা চামগুৰি আৰক্ষীয়ে স্থানীয় লোকৰ সহযোগত দুয়োকে সংকটজনক অৱস্থাত নগাৱঁৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

ঘটনাৰ বিৱৰণী মতে, যুৱক দুজন বিয়লি প্ৰায় ৪-৩০ বজাত গ্লেমাৰ বাইকেৰে নগাৱঁৰ দিশৰ পৰা চামগুৰি অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশে মঙ্গলদৈৰ পৰা গুৱাহাটী অভিমুখে অহি থকা এএছ ০১ এটি ৫৫০৫ নম্বৰৰ দ্ৰুতবেগী বলেৰ’ গাড়ীখনে মহতিয়াই নিয়ে৷