NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত কেইবাখনো চৰকাৰী আচঁনি উদ্বোধন বিধায়ক ভাস্কৰ শৰ্মাৰ

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ July 14, 2019 7:21 pm
Various govt schemes inaugurated by Margherita MLA Bhaskar Sarma

মাৰ্ঘেৰিটাত দেওবাৰে কেইবাখনো চৰকাৰী আচঁনি উদ্বোধন কৰে বিধায়ক ভাস্কৰ শৰ্মাই।

বিধায়কগৰাকীয়ে ৫ লক্ষ টকা পুঁজিৰে নিৰ্মাণৰ যোজা চলোৱা মাৰ্ঘেৰিটা উন্নয়ন খণ্ডৰ অন্তৰ্গত শামুকজান গাওঁ পঞ্চায়ত এলেকাৰ লিডু কেন্দ্ৰীয় ৰঙ্গমঞ্চ সংলগ্ন সামূহিক কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰে৷

চতুদৰ্শ বিত্তীয় আয়োগৰ দ্বাৰা আবণ্টিত ধনেৰে এই সামূহিক কেন্দ্ৰ নিৰ্মাণ কৰা হ’ব।

কেন্দ্ৰটোৰ নিৰ্মাণ আৰম্ভ অনুষ্ঠানৰ আঁত ধৰে মাৰ্ঘেৰিটা আঞ্চালিক পঞ্চায়তৰ সভাপতি সুখদেৱ শৰ্মাই। অনুষ্ঠানটোত পঞ্চায়তখনৰ সভানেত্ৰী অনীলা ফুকন, লিডু শাখা সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভানেত্ৰী দীপালি বৰপূজাৰী সিনহা, ৰাণাজ্যোতি নেওগ, সোমেশ্বৰ নেওগ, লোকনাথ কোঁৱৰ, নোমল গগৈ, ৭নং ৱাৰ্ড সদস্যা পূৰ্ণিমা নেওগ, ভীম কৰ্মকাৰ, ভৱেশ দত্ত আদিকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

এই অনুষ্ঠানতে লিডু কেন্দ্ৰীয় ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ হৈ বিধায়ক শৰ্মাক সাধাৰণ সম্পাদক তপন দেই এটি স্মাৰকেৰে সম্বৰ্ধনা জনায়৷

একেদিনাই চতুদৰ্শ বিত্তীয় আয়োগৰ দ্বাৰা আবণ্টিত ৬ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জাগুন গোৰ্খা শিৱ মন্দিৰ প্ৰেক্ষাগৃহ, ৮ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া জাগুন হনুমান মন্দিৰলৈকে নামঘৰ পথ, ৫ লক্ষ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া ৰামপুৰ পাছমাইল পুথিভঁৰাল, জাগুন বজাৰৰ পকী কংক্ৰিট পথ, তিনি লক্ষাধিক টকাৰে নিৰ্মাণ কৰিবলগীয়া হাচাক পাঁচআলিৰ পকী নলা, ৬ লাখ ৫০ হাজাৰ টকাৰে নিৰ্মাণ হবলগীয়া কুমচাই তিনিআলিৰ পৰা ডিম্ব চেতিয়া তিনিআলিলৈকে পকী পথ আদি কেইবাখনো পঞ্চায়তত ৰূপায়ণ হ’বলগীয়া আচঁনিৰ কাম শুভাৰম্ভ কৰে৷

আটাইকেইটা অনুষ্ঠানতে সুখদেৱ শৰ্মা, ভীম কৰ্মকাৰ, ভৱেশ দত্ত আৰু মুনমী গগৈয়ে বিধায়কগৰাকীক সংগ দিয়ে৷