NORTHEAST NOW (Assamese)
অসম

চলিত বৰ্ষৰ প্ৰথম আঠটা মাহত গুৱাহাটীত সংঘটিত হৈছে কিমানটা পথ দুৰ্ঘটনা? মৃত্যু কিমানৰ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী December 27, 2021 4:49 pm

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩১ ডিচেম্বৰৰ দিনা এটাও পথ দুৰ্ঘটনা সংঘটিত হ’বলৈ দিয়া নহ’ব বুলি আশা প্ৰকাশ কৰি আহিছে যদিও আজিৰ তাৰিখলৈকে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ আন প্ৰান্তত দুৰ্ঘটনাৰ সংখ্যা বিশেষ কমা পৰিলক্ষিত হোৱা নাই।

চলিত বৰ্ষৰ প্ৰথম আঠটা মাহলৈ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা পথ দুৰ্ঘটনাৰ সংখ্যা আছিল ৪৯৮ টা। এই দুৰ্ঘটনা সমূহত ১৪৪ গৰাকী লোকৰ মৃত্যু ঘটিছিল।

একেদৰে সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগত গুৱাহাটী মহাগৰীত ১৪০ জন লোকৰ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছিল। ২০২০ চনৰ সৰহ ভাগ দিন দেশত লক ডাউন চলি থকা সত্বেও দুৰ্ঘটনাৰ সংখ্যা কমা নাছিল।

২০২০ বৰ্ষত পথ দুৰ্টনাই কাঢ়ি নিছে ৫৩,৮৭২ গৰাকী লোকৰ প্ৰাণ। ভাৰতৰ কেৱল ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছ ৱেত সংঘটিত দুৰ্ঘটনাতে ইমান সংখ্যক লোকৰ মৃত্যু ঘটিছে।

এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছ ৱেত সংঘটিত হৈছে ১,৩৭,১৯১ টা পথ দুৰ্ঘটনা। পথ পৰিবহন দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে এই কথা প্ৰকাশ কৰিছে।

উল্লেখ্য ২০১৯ পথ দুৰ্ঘটনাত ৩.৯২ লাখ লোকে মৃত্যুক সাৱটি লোৱা বুলিও নেচনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল।

সৰহ ভাগ দুৰ্ঘটনাৰে কাৰণ দ্ৰুত বেগত গাড়ী চলোৱা, সুৰাপান কৰি গাড়ী চলোৱা আদি বুলি চিহ্নিত কৰা হৈছে।