NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনাত যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি পথ অৱৰোধ 

August 23, 2019 10:01 pm · মানস প্ৰতিম গগৈ
মাৰ্ঘেৰিটাত দুৰ্ঘটনাত প্ৰাণ হেৰুৱা যুৱকগৰাকী

মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত টাউন হাইস্কুলৰ সন্মুখত বিগত ১৯ আগষ্টত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ৰিংকুমণি বৰা (২২) নামৰ এগৰাকী যুৱক গুৰুতৰভাৱে আহত হৈছিল।

ডিগবৈ পৰা মাৰ্ঘেৰিটা অভিমুখে গৈ থকা এ এছ ০১ ডিডি ২০৩৭ নম্বৰৰ ট্ৰাক এখনে এ এছ ২৩ ইউ ৭৭৭৩ নম্বৰৰ মটৰ চাইকেলখনত খুন্দা মৰাৰ ফলতে মাৰ্ঘেৰিটা ১ নং মাকুম পথাৰ পুৰনা আৰ্মী কেম্পৰ সন্মুখৰ নিবাসী ৰিংকুমণি বৰা নামৰ যুৱকজন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হৈ সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থাকিবলগা হৈছিল।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ মৃত্যুৰে সৈতে যুঁজি থকা ৰিংকুমণিৰ আজি চিকিৎসালয়তে মৃত্যু হয়।

শুকুৰবাৰে সন্ধিয়া যুৱকজনৰ মৃতদেহ মাৰ্ঘেৰিটাৰ নিজা বাসগৃহ আহি উপস্থিত হোৱাৰ  লগে লগে এক শোকাকুল পৰিবেশ বিৰাজ কৰে।

একাংশ উত্তেজিত স্থানীয় লোকে যুৱকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত কিছু সময়ৰ বাবে মাৰ্ঘেৰিটাৰ ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে যদিও আন একাংশ সচেতন ৰাইজৰ বুজনিত পথ অৱৰোধ কাৰ্য্যসূচী পৰিহাৰ কৰে।

ইতিমধ্যে, যুৱকজনৰ শেষকৃত সম্পন্ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিয়ালৰ লোকে৷ উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত হোৱা দিনাখনে মাৰ্ঘেৰিটা আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰে।

Related News