NORTHEAST NOW (Assamese)

বৰষুণৰ বাবে নুমলীগড়ত কৃত্ৰিম বান : সাময়িকভাৱে বন্ধ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ যাতায়ত

April 30, 2019 3:53 pm · উত্তম শইকীয়া
Updated: April 30, 2019 3:57 pm
নুমলীগড়ত কৃত্ৰিম বান। ফটো : নৰ্থইষ্ট নাও

নেৰানেপেৰা বৰষুণৰ বাবে প্লাৱিত হৈছে বোকাখাত মহকুমাৰ নুমলীগড়ৰ বিস্তীৰ্ণ অঞ্চল। বৰষুণৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় পথৰ দক্ষিণ দিশৰ নুমলীগড় চাহ বাগিছাৰ পৰা হিলদল ভাঙি বৈ অহা পানীৰ সোঁতে বহুজনৰ বাসগৃহ বুৰাই পেলাইছে।

নিশা প্ৰায় ২বজাৰ পৰা অহা এই ঢলে নুমলীগড়ত ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বহু লোকৰ ঘৰৰ ভিতৰলৈ পানীৰ ঢল সোমাইছে। আকস্মিকভাৱে অহা এই ঢলৰ বাবে ঘৰৰ ভিতৰৰ সামগ্ৰীসমুহো বহ লোকে সামৰিবলৈ সময় নাপালে।

ঘৰৰ বস্তু তেনেকেই এৰি একঁকাল পানী আৰু প্ৰচণ্ড বৰষুণৰ মাজেৰে মাজ নিশাৰ পৰা মহিলা আৰু শিশু সকলে ওখ ঠাইৰ মানুহৰ ঘৰত আশ্ৰয় লব লগা হৈছে। নেৰানেপেৰা বৰষুণৰ বাবে ঢল এতিয়াও আহিয়েই আছে ৷

ইপিনে, বৰষুণৰ বাবে অহা এই আকস্মিক ঢলে নুমলীগড়ৰ উচ্চ মাধ্যমিক বিদ্যালয়, বালিকা বিদ্যালয়, শিশু কল্যাণ প্ৰাথমিক বিদ্যালয় আদি বুৰাই পেলাইছে।

আনহাতে, নুমলীগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতো একঁকাল পানী হোৱাত উজনি-নামনিৰ যাতায়ত ব্যাহত হৈ পৰিছে। আজি পুৱা নুমলীগড় চাহ বাগিছাৰ নলা সমুহেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ হিলদল ভাঙি পানীৰ সোঁত বৈ আছে। এনেদৰে বৰষুণ দি থাকিলে পৰিস্থিতি অধিক অৱনতি ঘটাৰ সম্ভাৱনা আছে।

Related News