NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত দেশৰ হকে প্ৰাণাহুতি দিয়া শ্বহীদৰ নামত পথৰ নামকৰণ

Posted by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ Updated by: পাৰ্শ্বজ্যোতি গগৈ, শিৱসাগৰ December 23, 2021 7:33 am

শিৱসাগৰৰ পানবেছা তাতী পথাৰত চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নে শ্বহীদৰ নামত পথ নামাকৰণ অনুষ্ঠান অনুষ্ঠিত কৰে ।

১৯৯৭ চনত দেশৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ দিলীপ খঙীয়াৰ নামত উৎসৰ্গা তথা নামকৰণ কৰে এটা পথ।
চি আৰ পি এফত কৰ্মৰত অৱস্থাতে মণিপুৰত শ্বহীদ হৈছিল পানবেছাৰ তাতী পথাৰৰ দিলীপ খঙীয়া।

বুধবাৰে শ্বহীদ গৰাকীৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ উপস্থিত শ্বহীদ দিলীপ খঙীয়াৰ স্মৃতিত পথটো তেওঁৰ নামেৰে নামকৰণ কৰা হয়।

উক্ত কাৰ্যসূচীৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত মেঘ নিধি দহালে। ইয়াৰ পিছতে শ্বহীদ গৰাকীৰ পৰিয়ালকো ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে চি আৰ পি এফে।

যঅনুষ্ঠানত চি আৰ পি এফৰ ১৪৯ নং বেটেলিয়নৰ কমাণ্ডেন্ট ললীত কুমাৰ বাৰ্মা , অজয় কুমাৰ , জগদীশ প্ৰসাদ যাদৱ , ৰূপেশ কলিতা , বি ডি অ’ চন্দন কলিতাকে ধৰি বহুসংখ্যক গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।