NORTHEAST NOW (Assamese)

বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক পিষ্টল দেখুওৱাই ডকাইতে লুটি নিলে দুই লক্ষাধিক টকা

November 4, 2020 8:44 pm · বিদ্যুৎজ্যোতি বৰা
চামগুৰি আৰক্ষী নিৱেশ। ফাইল ফটো

নগাওঁ জিলাৰ বৃহত্তৰ  চামগুৰি অঞ্চলত চোৰৰ-ডকাইতি কাণ্ড বৃদ্ধি  হোৱা পৰিলক্ষিত হৈছে ৷

চামগুৰি আৰক্ষী থানাৰ পৰা  মাত্ৰ এক কিলোমিটাৰ নিলগত চামগুৰি বৈদ্যুতিক উপ-সংমণ্ডল কাৰ্যালয়ৰ গেটৰ পথত দুগৰাকী কৰ্মচাৰীক বাট আগচি দুই লক্ষাধিক টকা লুট কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, বুধবাৰে বিয়লি চামগুৰি বৈদ্যুতিক উপ সংমণ্ডল কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰীয়ে এখন স্কুটীত উঠি দিনটোত কালেকচন হোৱা বিলৰ ধন প্ৰায় দুই লাখ পঞ্চাশ হেজাৰ টকা চামগুৰি ষ্টেট বেংকৰ শাখা জমা দিবৰ বাবে আহি আছিল ৷

তেনে সময়তে বৰদল-কুৰুৱাবাহী দিশৰ পৰা দুখন পালছাৰ বাইকত অহা চাৰিজন যুৱকে বাটতে আগচি ধৰি পিষ্টল দেখুওৱাই সমূদায় ধন লুট কৰি উধাও হয়।

পিছত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে এজনো ডকাইত আটক কৰিবলৈ সক্ষম হোৱা নাই বুলি আৰক্ষীৰ সুত্ৰই প্ৰকাশ কৰিছে।

Related News