NORTHEAST NOW (Assamese)

ৰে’লৱে ষ্টেশ্যনত সন্দেহযুক্ত ক’ৰ’না আক্ৰান্তৰ পৰীক্ষাৰ কৰিব কেপ্তেইন অৰ্জুন নামৰ এটা ৰবটে

June 13, 2020 9:39 am · এন ই নাও নিউজ
পুনে ৰে'ল ষ্টেশ্যনত নিয়োজিত ৰবটটো

ভাৰতীয় ৰে’ল সুৰক্ষা বাহিনী(আৰ পি এফ)য়ে পুনেত শুকুৰবাৰে সন্দেহযুক্ত ক’ৰ’না আক্ৰান্ত ব্যক্তিক পৰীক্ষাৰ বাবে এটা ৰবট মুকলি কৰে।

পুনে ৰে’লৱে ষ্টেশ্যনত প্ৰৱেশ আৰু প্ৰস্থান কৰিবলগীয়া লোক সকলৰ পৰীক্ষাৰ বাবে ৰখা ৰবটটোৰ নাম ৰখা হৈছে কেপ্তেইন অৰ্জুন।

কেপ্তেইন অৰ্জুন নামৰ ৰবটটোৰ সৈতে মোশ্যন চেনছৰ, এটা পি টি জেদ কেমেৰা আৰু এটা ডোম কেমেৰা সংযুক্ত কৰা হৈছে।

এই কেমেৰাবোৰৰ সহায়েৰে কেপ্তেইন অৰ্জুন নামৰ ৰবটটোৱে ৰে’লৱে ষ্টেশ্যনত প্ৰৱেশ কৰা সন্দেহযুক্ত ক’ৰ’না আক্ৰান্ত সকলৰ ওপৰত দৃষ্টি ৰাখিব।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও বাংগালুৰু আৰু উত্তৰপ্ৰদেশৰ কেইখনমান চিকিৎসালয়ত ক’ৰ’না আক্ৰান্ত ৰোগী সকলক আহাৰ আৰ ঔষধৰ যোগান ধৰাৰ বাবে ৰবট ব্যৱহাৰ কৰা হৈছিল।

দেশৰ বিভিন্ন স্থানত কৰ্তব্যৰত আৰক্ষী, চিকিৎসাকৰ্মী ক’ৰ’না আক্ৰান্ত ব্যক্তিৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পাছতে ৰবটক ভবিষ্যত সময়ত অধিক বহুলভাৱে এনেবোৰ কামত নিয়োগ কৰিব পৰা যাব বুলি চিন্তা চৰ্চা চলি আছে।

Related News