NORTHEAST NOW (Assamese)
Popular Stories

“এই বছৰেই মোৰ শেষ”, ইডেনত ৰোহিতৰ ভিডিঅ’ই সূচনা কৰিলে নতুন বিতৰ্কৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 11, 2024 2:54 pm
“এই বছৰেই মোৰ শেষ”, ইডেনত ৰোহিতৰ ভিডিঅ’ই সূচনা কৰিলে নতুন বিতৰ্কৰ

ইডেনত মুম্বাই ইণ্ডিয়ানছ বনাম কেকেআৰ খেলৰ পূৰ্বে নতুন বিতৰ্কৰ সূত্ৰপাত ঘটিছে। কলকাতা নাইট ৰাইডাৰ্ছৰ সহকাৰী প্ৰশিক্ষক অভিষেক নায়াৰৰ সৈতে ৰোহিতৰ বাৰ্তালাপৰ ভিডিঅ’ ফাদিল হৈছে। তাতেই আৰম্ভ হৈছে বিতৰ্কৰ।

ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টো শুকুৰবাৰে সন্ধিয়া ইডেনত কেকেআৰ আৰু মুম্বাইৰ অনুশীলনৰ সময়ত লোৱা হৈছিল। ভিডিঅ’টো পোষ্ট কৰিছে কেকেআৰে। তাতেই অভিষেকৰ লগত কথা পাতি থকা দেখা যায় ৰোহিত। অৱশ্যে কিছু সময়ৰ পিছতে ভিডিঅ’টো আঁতৰাই দিয়া হয়।

 কিন্তু সেই ভিডিঅ’টোত কি আছিল? কেইমিনিটমানৰ সেই ভিডিঅ’টোত  ৰোহিতৰ কণ্ঠত অভিমানৰ সুৰ ফুটি উঠে। তেওঁ কয়, “লাহে লাহে সকলো সলনি হৈ আছে। কিন্তু সেইবোৰ তেওঁলোকৰ কথা। মই আৰু একো গুৰুত্ব নিদিওঁ। এইটোৱে মোৰ শেষ বছৰ। কিন্তু যিয়েই নহওক, মন্দিৰটো মোৰ হাতেৰে নিৰ্মাণ হৈছে। সেইটো মোৰ ঘৰ। মোৰ হাতেৰে দলটো গঢ়া হৈছে।”

লগতে পঢ়কঃ মান-ইজ্জত নাই নেকি ক্ৰিকেটাৰৰ : অপমানিত ক্ৰিকেটাৰৰ পক্ষত মহম্মদ ছামী

চলিত বৰ্ষৰ আই পি এলৰ আৰম্ভণিতে হঠাৎ ৰোহিতৰ ঠাইত মুম্বাইয়ে হাৰ্দিকক অধিনায়ক হিচাপে ঘোষণা কৰে। তেতিয়াৰ পৰা দলটোত বহু পৰিৱৰ্তন ঘটিছে।

শুকুৰবাৰে সন্ধিয়া ইডেনৰ মাজত থিয় হৈ অভিষেকৰ আগত সেই মনৰ কথা কৈ আছিল ৰোহিতে। যিটো ফোনত বন্দী কৰা হৈছিল, আৰু কে কে আৰৰ ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হৈছিল। তাৰ পিছতে সূচনা হ’ল বিতৰ্কৰ।

কোৱা বাহুল্য যে ৰোহিতে মুম্বাই এৰি যোৱাটো এতিয়া মাথোঁ সময়ৰ অপেক্ষা। কিন্তু কেকেআৰৰ বিৰুদ্ধে খেলখনৰ প্ৰাকক্ষণত হয়তো কোনোৱেই পোনে পোনে প্ৰাক্তন অধিনায়কগৰাকীৰ মুখৰ পৰা এই কথা শুনিবলৈ সাজু নাছিল।

স্বাভাৱিকতে এই ভাইৰেল ভিডিঅ’টোৱে মুম্বাই শিবিৰত অস্বস্তিৰ সৃষ্টি কৰিছে। সেইবাবেই ভিডিঅ’টো পোষ্ট কৰাৰ কিছু মুহূৰ্ত পিছতে ডিলিট কৰা হয়। কিন্তু তাৰ আগতেই এই বিতৰ্কিত ভিডিঅ’ ভাইৰেল হৈ পৰে।