NORTHEAST NOW (Assamese)
অসম

এডভেন্সাৰ বঁটাৰ বাবে নিৰ্বাচিত নৰেন্দ্ৰ সিঙৰ এভাৰেষ্ট জয়ৰ নাটক ভুৱা! সতীৰ্থই কৰিলে গোঁমৰফাঁক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 28, 2020 2:12 pm
narender-yadav-696x364

বিশ্বৰ সৰ্ব্বোচ্চ শৃংগ এভাৰেষ্ট জয় কৰাৰ বাবে ভাৰত চৰকাৰৰ যুৱ কল্যাণ তথা ক্ৰীড়া দপ্তৰে আগবঢ়াই অহা টেনজিং নৰ্গে ৰাষ্ট্ৰীয় এডভেন্সাৰ বঁটাৰ বাবে এইবাৰ নিৰ্বাচন কৰা হৈছে পৰ্বতাৰোহী নৰেন্দ্ৰ সিঙক।

হাৰিয়ানাৰ এই গৰাকী পৰ্বতাৰোহীয়ে ২০১৬ চনতে হিমালয়ৰ মাউণ্ট এভাৰেষ্টৰ শিখৰ স্পৰ্শ কৰি অহা বুলি দাবী কৰি আহিছে যদিও পৰ্বতাৰোহী গৰাকীৰ মিথ্যাচাৰৰ কথা পোহৰলৈ অহাৰ পিছতেই সৰৱ হৈ উঠিছে হিমালয় অভিযানৰ সেই যাত্ৰাত নৰেন্দ্ৰ সিঙক সংগ দিয়া সতীৰ্থ একাংশ।

নৰেন্দ্ৰ সিঙৰ হিমালয় অভিযানৰ সতীৰ্থ নৱ কুমাৰ ফুকনে কয় যে নৰেন্দ্ৰ সিঙে কেতিয়াও এভাৰেষ্ট জয়েই কৰা নাছিল।

২০১৬ চনৰ ১৯ মে’ৰ দিনা তেওঁলোকৰ দলটো হিমালয়ৰ ৪ নং কেম্পত আছিল।

সেই দিনা পুৱাই নৰেন্দ্ৰ সিঙৰ ছেৰ্পাই সিঙক জনাইছিল যে এভাৰেষ্টলৈ যোৱাৰ বাবে সিং আৰু আন এগৰাকী পৰ্বতাৰোহী সীমা গোস্বামীৰ বাবে অক্সিজেন কম হ’ব।

ছেৰ্পাৰ কথা শুনি খঙত অগ্নি শৰ্মা হোৱা নৰেন্দ্ৰ সিঙে অক্সিজেন কম থাকিলেও এভাৰেষ্টলৈ যোৱাৰ বাবে সাজু হৈছিল যদিও পিছত বিপদৰ আশংকা কৰি তেওঁ আৰু সীমা গোস্বামীয়ে শিবিৰতে ৰৈ গৈছিল।

এভাৰেষ্ট জয় নকৰাকৈয়ে ভুৱা ফটো দাখিল কৰি নৰেন্দ্ৰ সিঙে টেনজিং নৰ্গে ৰাষ্ট্ৰীয় এডভেন্সাৰ বঁটা ল’বলৈ ওলোৱা কথাত সেয়ে স্তম্ভিত হৈ পৰিছে সতীৰ্থ ফুকন।

তেওঁ সমগ্ৰ ঘটনা বৰ্ণনা কৰি ভাৰত চৰকাৰৰ যুৱ কল্যাণ তথা ক্ৰীড়া দপ্তৰলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য ২৯ আগষ্টত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা প্ৰদান কৰিব।