NORTHEAST NOW (Assamese)
Popular Stories

হাতীত উঠি আহিল ‘স্বৰ্গদেউ’; লোকে লোকাৰণ্য ৰংঘৰৰ বাকৰি

Posted by: পাৰ্শ্বজ্যোতি গগৈ April 15, 2019 7:33 pm

ঐতিহাসিক ৰংঘৰৰ বাকৰিত আজি পহিলা বহাগৰ দিনা অনুষ্ঠিত হয় ৰঙালী বিহু সন্মিলন। বৃহত্তৰ ৰংপুৰ ৰঙালী বিহু উদযাপন সমতিয়ে বিগত আঠটা বছৰে ৰংঘৰৰ বাকৰিত মুকলি বিহু অনুষ্ঠিত কৰি আহিছে।

অনুষ্ঠানৰ আৰম্ভণিত ঐতিহাসিক তলাতল ঘৰৰ পৰা প্ৰতীকি স্বৰ্গদেউক হাতীত উঠাই এক বৃহৎ সাংস্কৃতিক শোভাযাত্ৰাৰে ৰংঘৰৰ বাকৰিলৈ অনা হয়। সমাজকৰ্মী গংগাপ্ৰসাদ বুঢ়াগোহাঁইয়ে এই সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্ধোধন কৰে।

ইয়াৰ পিছতে ৰংঘৰত প্ৰতীকি স্বৰ্গদেউক আসনত বহুৱাৰ লগে লগে ৰঙালী বিহু সন্মিলনীৰ বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভ হয়। বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে অসমৰ প্ৰখ্যাত বোলছবি অভিনেতা প্ৰাঞ্জল শইকীয়াই।

সাংস্কৃতিক অনুষ্ঠানত হুঁচৰি পৰিৱেশন কৰাৰ লগতে অসমৰ তাই আহোম, মিচিং, মেছ কছাৰী আদি বিভিন্ন জাতি জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনে ৰংঘৰৰ বাকৰি জীপাল কৰি তোলে।

ইয়াৰোপৰি জনপ্ৰিয় শিল্পী মানস ৰবিন, দেৱজিত বড়া, জোন জোনাকে গীত পৰিৱেশন কৰাৰ লগতে প্ৰাঞ্জল শইকীয়া, অমৃতা গগৈ, সুনীতা কৌশিকৰ লগতে আন বহু শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে।

আজি অনুষ্ঠিত এই মুকলি বিহু উপভোগ কৰিবলৈ লোকেলোকাৰণ্য হৈ পৰে ৰংঘৰ বাকৰি। অসমৰ লগতে দেশ-বিদেশৰ পৰা অহা বহু পৰ্যটকেও উপভোগ কৰে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু।