NORTHEAST NOW (Assamese)
অসম

Protest Against Lockdown লকডাউনক লৈ উত্তপ্ত নেদাৰলেণ্ড; উন্মত্ত জনতাই জ্বলালে আৰক্ষীৰ গাড়ী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2021 2:46 pm
large_zd6JURi2eY6N7RXF

Protest Against Lockdown কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এলানি পদক্ষেপ গ্ৰহণ কৰিছে নেদাৰলেণ্ড চৰকাৰে। কিন্তু চৰকাৰৰ এই পদক্ষেপত ক্ষুব্ধ জনসাধাৰণে ইতিমধ্যে প্ৰতিবাদত ৰাজপথত নামিছে।

আৰক্ষীয়ে প্ৰতিবাদ দমন কৰিবলৈ গুলী চলায়। আৰক্ষীৰ গুলীত ৭ জন নাগৰিক আহত হোৱা বুলি বাতৰি পোৱা গৈছে।

বাতৰি অনুসৰি, শনিবাৰে প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ গাড়ীত জুই লগাই দিয়াৰ লগতে শিলাবৰ্ষণো কৰে।

কৰ’নাৰ ভেকচিন পাছ ৰখাৰ নিয়ম তথা নৱবৰ্ষত আতচবাজী ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰিছে চৰকাৰে।

Also Read: Jennifer Lawrence নাকফুলি পৰিধান কৰি সমস্যাৰ মুখত অস্কাৰ বিজয়ী অভিনেত্ৰী জেনিফাৰ লৰেন্স

দেশখনত কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে যোৱা সপ্তাহত পৰৱৰ্তী তিনি সপ্তাহৰ বাবে আংশিক লকডাউন ঘোষণা কৰা হয়। ইয়াৰ প্ৰতিবাদত বন্দৰ চহৰ ৰটাৰডামৰ ৰাজপথত শ শ প্ৰতিবাদকাৰী সমবেত হয়।

ইতিমধ্যে, প্ৰতিবাদ নিয়ন্ত্ৰণহীন হৈ পৰাত তাত জৰুৰী অৱস্থা জাৰি কৰা হৈছে।