NORTHEAST NOW (Assamese)

‘ক্ৰিটিকছ চইচ এৱাৰ্ডছ’ত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰকে ধৰি দুটাকৈ বঁটা লাভ RRRৰ

January 16, 2023 4:01 pm · এন ই নাও নিউজ, গুৱাহাটী

এছ এছ ৰাজামৌলীৰ ‘আৰআৰআৰ’ক ক্ৰিটিকছ চইচ এৱাৰ্ডছত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ হিচাপে নিৰ্বাচিত কৰা হৈছে। ছবিখনৰ ‘নাটু নাটু’ গানটোৱে একেটা অনুষ্ঠানতে শ্ৰেষ্ঠ গানৰ বঁটাও লাভ কৰিছে।

শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰ শাখাত ‘আৰআৰআৰ’-য়ে ‘আৰ্জেণ্টিনা ১৯৮৫’ৰ দৰে চলচ্চিত্ৰৰ সৈতে প্ৰতিদ্বন্দিতা কৰিছিল। ‘আৰ্জেণ্টিনা ১৯৮৫’ য়ে গোল্ডেন গ্লোবছত শ্ৰেষ্ঠ বিদেশী ভাষাৰ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছিল।

 

গোল্ডেন গ্লোবছত একেটা শ্ৰেণীত মনোনীত হৈছিল যদিও ‘আৰআৰআৰ’য়ে এই বঁটা লাভ কৰা নাছিল। অৱশ্যে ‘আৰআৰআৰ-য়ে নাটু নাটু গানটোৰ বাবে গোল্ডেন গ্লোব বঁটা লাভ কৰিছিল।

আৰআৰআৰ (ৰাইজ, ৰোৱাৰ, ৰিভল্ট) হৈছে তেলেগু ভাষাত নিৰ্মিত এক ঐতিহাসিক কল্পনামূলক চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ কাহিনী ভাৰতৰ দুজন ব্ৰিটিছ বিৰোধী বিপ্লৱীক লৈ ৰচিত। ৰাম চৰণ আৰু জুনিয়ৰ এনটিআৰক ছবিখনত দুজন বিপ্লৱীৰ চৰিত্ৰত দেখা গৈছে।

Related News