NORTHEAST NOW (Assamese)

ৰিয়াৰ জেৰাত ফাদিল; সুশান্তৰ ভনীয়েকৰ FD ৰ পৰা হৰলুকি ২.৫কোটি টকা

August 9, 2020 10:59 am · এন ই নাও নিউজ
Updated: August 9, 2020 11:00 am
সুশান্ত সিং ৰাজপুত-ৰিয়া চক্ৰৱৰ্তী।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ গোচৰত এনফ’ৰ্ছমেন্ট ডাইৰেক্টৰেট (ই ডি)য়ে ৰিয়া চক্ৰৱৰ্তীক চলোৱা জেৰাত বিত্তীয় হৰলুকিৰ কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আহিছে।

প্ৰথমতে, সুশান্তৰ বেংক একাউন্টৰ পৰা প্ৰায় ১৫কোটি টকা হৰলুকি হোৱাৰ ঘটনা পোহৰলৈ আহে যাৰ তদন্ত এতিয়া তেওঁৰ চাৰ্টাৰ্ড একাউন্টেন্টৰ কাষ পাইছে।

ইডিয়ে ৰিয়া চক্ৰৱৰ্তীক চলোৱা জেৰাত ৰিয়াই সদৰী কৰে যে কোম্পানীৰ কামকাজ চোৱামেলা কৰা দুজন চাৰ্টাৰ্ড একাউন্টেন্টৰ নামত মাৰ্চত সমাপ্ত হোৱা বিত্তীয় বৰ্ষৰ সময়ত প্ৰায় ২কোটি ৬৫লাখ টকা ট্ৰেন্সফাৰ কৰা হৈছিল।

সূত্ৰ অনুসৰি, সুশান্তে নিজৰ ডাঙৰ ভনীয়েকৰ নামত চাৰে চাৰি কোটি টকা ফিক্স ডিপ’জিট কৰি ৰাখিছিল।

কিন্তু ৰিয়া সুশান্তৰ জীৱনলৈ অহাৰ পাছত দুয়োজন চাৰ্টাৰ্ড একাউন্টেন্টে ৰিয়া আৰু তেওঁৰ ভাতৃৰ সৈতে মিলি ২.৫কোটি টকা উলিয়াই নিয়ে আৰু এফডি ২কোটি টকাহে বাকী থাকে।

তদুপৰি, সুশান্তৰ কোম্পানীৰ হিচাপ-নিকাচ, বেংকৰ বহী তথা জমা কৰাৰ তথ্যৰ কিছুমান সন্দেহজনক লেনদেনৰ প্ৰমাণ ইডিয়ে লাভ কৰিছে।

ইপিনে, ৰিয়াই এই বিষয়সমূহক লৈ উত্থাপিত প্ৰশ্নসমূহৰ সঠিক উত্তৰ দিয়াৰ ক্ষেত্ৰত কিছু ধুঁৱলী-কুঁৱলীৰ সৃষ্টি কৰিছে।

Related News