NORTHEAST NOW (Assamese)
অসম

নিৰ্বাচনৰ প্ৰাকক্ষণত খাৰুপেটিয়াত ব্যৱসায়ীৰ গাড়ীৰ পৰা ২.৫ লাখ টকা জব্দ

Posted by: ময়ূখ গোস্বামী April 9, 2019 11:01 pm

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে দৰং জিলাৰ দলগাঁও অঞ্চলত আজি নিৰ্বাচন আয়োগৰ ফ্লাইয়িং স্কোৱাদে হামিদুৰ ৰহমান নামৰ এজন স্থানীয় ব্যৱসায়ীৰ পৰা ২,৫০,০০০ টকা জব্দ কৰে।

ফ্লাইয়িং স্কোৱাদটোক নেতৃত্ব দিয়া দলগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰে জনোৱা মতে এ এছ ১৩ জি ৯২১১ নম্বৰৰ এখন স্কোৰপিয় বাহনৰ পৰা উক্ত টকাখিনি উদ্ধাৰ কৰা হয়।

বাহনখনৰ গৰাকী হামিদুৰ ৰহমান জিলাখনৰ খাৰুপেটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বাইগৰমাৰী অঞ্চলৰ বাসিন্দা।

টকাসহ গাড়ীখনক আজি নিশা প্ৰায় ৭ বজাত খাৰুপেটিয়াৰ ‘আসাম অইল’ পেট্ৰল পাম্পৰ উচৰত আগভেটি ধৰা হয় বুলি জানিবলৈ দি বৰঠাকুৰে লগতে জনাই যে জব্দ কৰা টকাখিনি ৰাজ্যিক কোষাগাৰৰ চক্ৰ বিষয়াৰ হাতত চমজাই দিয়ে।