NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ পূৰ্বে উজান উঠিছে ঐশ্বৰ্যৰ! কৰ্ণাটকত ৫ কোটি নগদ ধন আৰু ১০৬কেজি অলংকাৰ জব্দ

April 8, 2024 11:31 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত সংঘটিত হৈছে ব্যাপক ৰূপত ধনৰ লেনদেন৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটক আৰক্ষীয়ে বৃহৎ অভিযান চলাই নগদ ৫.৬০ কোটি টকা, ৩ কেজি সোণ, ১০৩ কেজি ৰূপৰ গহনা, আৰু ৬৮ টা ৰূপৰ বিস্কুট জব্দ কৰে।

বিশেষ তালাচী অভিযানত কৰ্ণাটক আৰক্ষীয়ে উদ্ধাৰ কৰে ৫.৬ কোটি টকাৰ বিশাল নগদ ধনৰ পাহাৰ। লগতে উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ সোণ-ৰূপৰ বিস্কুট আৰু গহনা। মুঠ জব্দকৃত সামগ্ৰীৰ পৰিমাণ প্ৰায়  ৭.৬০ কোটি টকা।

আৰক্ষীৰ মতে, গহনা দোকানৰ মালিক নৰেশৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে এই বৃহৎ নগদ ধন আৰু গহনা। ব্যৱসায়ীজনক জিম্মাত লৈ বৰ্তমান জেৰা চলি আছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷

আৰক্ষীয়ে সম্ভাৱ্য হাৱালা লিংকৰ সন্দেহত কৰ্ণাটক আৰক্ষী আইনৰ ৯৮ নং ধাৰাত গোচৰ ৰুজু কৰিছে। তদন্তৰ তথ্য অধিক জেৰাৰ বাবে আয়কৰ বিভাগলৈ প্ৰেৰণ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। 

Related News