NORTHEAST NOW (Assamese)

২০ মিনিটত এখন দুৱাৰ মেৰামতিৰ বাবে ৯৫০০ টকা! আমেৰিকাত থকা এগৰাকী ভাৰতীয় মহিলাই কি ক’লে জানেনে?

June 24, 2026 1:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: June 24, 2026 12:39 pm

আমেৰিকাত বসবাস কৰা এগৰাকী ভাৰতীয় মহিলাই শেহতীয়াকৈ তেওঁৰ গেৰেজৰ দুৱাৰ মেৰামতি কৰাৰ অভিজ্ঞতা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। অমৃতা সিং নামৰ মহিলাগৰাকীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅআপলোড কৰি জনাইছে যে আমেৰিকাত মেৰামতিৰ নামত কিমান টকা খৰচ হয় আৰু তাত দক্ষ শ্ৰমিকক কেনেদৰে সন্মান কৰা হয়।

মহিলাগৰাকীয়ে জনায় যে তেওঁৰ গেৰেজৰ দুৱাৰখন বেয়া হোৱাৰ বাবে তেওঁ এজন মেকানিক মাতিছিল। মেকানিকজনে আহি মাত্ৰ ২০ মিনিটৰ ভিতৰতে দুৱাৰখন ঠিক কৰি দিয়ে আৰু এই সেৱাৰ বাবে ১০০ ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৯,৫০০ টকা বিচাৰে। অমৃতাই অৱশ্যে এই কথাত কোনো আপত্তি কৰা নাই। তেওঁ কয় যে আমেৰিকাত এয়া একেবাৰে সাধাৰণ কথা, কাৰণ তাত প্ৰায়ে কোনো কাৰিকৰে মেৰামতিৰ কাম আৰম্ভ কৰাৰ আগতে মাত্ৰ ঘৰলৈ অহাৰ বাবেই ১০০ ডলাৰ বিচাৰে।

 

View this post on Instagram

 

A post shared by Amrita Singh📍America 🇺🇸 (@amrita_life_in_usa)

ভিডিঅটোৰ কেপচনত অমৃতাই লিখিছে যে আমেৰিকাত প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান বা গেৰেজৰ কাৰিকৰ যিয়েই নহওক কিয়, সকলো দক্ষ শ্ৰমিকেই ভাল উপাৰ্জন কৰে। তেওঁলোকৰ নিজা ডাঙৰ গাড়ী আছে আৰু তেওঁলোকে সঠিকভাৱে টেক্সো দিয়ে। তেওঁ লগতে কয় যে আমেৰিকাত কোনো কামেই সৰু বা ডাঙৰ নহয়। যদি কাৰোবাৰ হাতত দক্ষতা আছে, তেন্তে তেওঁৰ সন্মান আৰু উপাৰ্জন দুয়োটাই আছে।

এই ভিডিঅটো ভাইৰেল হোৱাৰ পিছতে বহু মানুহে নিজৰ মতামত প্ৰকাশ কৰিছে। এজন ব্যক্তিয়ে লিখিছে যে আমেৰিকাত ভালকৈ জীৱন নিৰ্বাহ কৰিবলৈ তেওঁলোকে কেতিয়াবা দুটা বা তিনিটা কামো কৰিবলগীয়া হয়, কিন্তু ভাৰতৰ বিপৰীতে তাত শ্ৰমৰ মৰ্যাদা আছে আৰু এনে কামক কেতিয়াও সৰু চকুৰে চোৱা নহয়। আন এজনে আকৌ প্ৰশ্ন কৰিছে যে ইয়াৰ অৰ্থ এইটোৱেই নেকি যে যিমান উপাৰ্জন হয় সিমানেই খৰচো হৈ যায়। আন এজন ব্যক্তিয়ে মন্তব্য কৰিছে যে ১০০ ডলাৰ আচলতে মাত্ৰ ঘৰলৈ আহি পৰীক্ষা কৰাৰ মাচুলহে।

Related News