আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড়ত উপস্থিত আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) ৰ মুৰব্বী মোহন ভাগৱত শনিবাৰে (২৭ জানুৱাৰী) ডিব্ৰুগড়ত আহি উপস্থিত হয়।
২৮ জানুৱাৰীৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আয়োজিত অষ্টম আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ সন্মিলন তথা সমাৱেশত অংশগ্ৰহণ কৰিব মোহন ভাগৱতে।
ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলত অহা ২৮ জানুৱাৰীৰ পৰা ১ ফেব্ৰুৱাৰীলৈ অষ্টম আন্তঃৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ সন্মিলন তথা সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা।
লগতে পঢ়কঃ হোটেলত বন্দী, খাদ্য বন্ধ কৰি দি শাস্তি আই পি এল তাৰকাক! দিল্লীৰ কাণ্ডক লৈ তোলপাৰ ক্ৰিকেটমহল
ভাগৱতে শনিবাৰে বিয়লি প্ৰায় ৩ বজাত ডিব্ৰুগড় বিমানবন্দৰত অৱতৰণ কৰে আৰু তাৰ পৰা তেওঁ কেশব ভৱনত উপস্থিত হয় য’ত তেওঁ ৰাতিটো কটায়।
সূত্ৰ অনুসৰি, এই সন্মিলনৰ বাবে মোহন ভাগৱত দুদিন ডিব্ৰুগড়ত থাকিব।
উল্লেখ্য যে বিগত মাহত মোহন ভাগৱতে মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত অনুষ্ঠিত পূৰ্বোত্তৰ সন্ত মণিকঞ্চন সন্মিলনত অংশগ্ৰহণৰ বাবে ডিব্ৰুগড় ভ্ৰমণ কৰিছিল।