NORTHEAST NOW (Assamese)

আৰ এছ এছে অনুষ্ঠিত কৰিছে বিজয়দশমী : মুখ্য অতিথি হিচাপে থাকিব ইছৰোৰ প্ৰাক্তন মুৰব্বী কে ৰাধাকৃষ্ণন

September 16, 2024 8:42 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 17, 2024 9:37 am

আৰ এছ এছৰ বিজয়দশমী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইছৰোৰ প্ৰাক্তন মুৰব্বী কে ৰাধাকৃষ্ণন। অহা ১২ অক্টোবৰত নাগপুৰত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। এই কথা সংগঠনটোৱে ‘এক্স’ত সদৰী কৰিছে।

উল্লেখ্য যে বিজয় দশমী অনুষ্ঠানৰ কাৰ্যসূচী আৰ এছ এছে অতি গুৰুত্বসহকাৰে উদযাপন কৰে। এই অনুষ্ঠানৰ বাবে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে বহু কেইটা মন্তব্য আগবঢ়ায়।

সোমবাৰে আৰ এছ এছৰ পৰা এক্সত জনোৱা হৈছে যে, “ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰী বিজয়দশমী উৎসৱ অহা ১২ অক্টোবৰ, ২০২৪ তাৰিখে নাগপুৰৰ ৰেশিমগড়ত পুৱা ৭.৪০ বজাত অনুষ্ঠিত হ’ব। এই উৎসৱ উদযাপনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব পদ্মভূষণ ড° কে ৰাধাকৃষ্ণন। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ প্ৰাক্তন অধ্যক্ষ ৰাধাকৃষ্ণন আৰু মোহন ভাগৱতে সভাত ভাষণ প্ৰদান কৰিব।

উল্লেখ্য যে প্ৰতি বছৰে আৰ এছ এছে এই অনুষ্ঠানলৈ বিভিন্ন বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনায়। যোৱা বছৰ আৰ এছ এছৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল সংগীত শিল্পী শংকৰ মহাদেৱন। ২০২২ চনত এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল পৰ্বতাৰোহী সন্তোষ যাদৱ। ২০২১ চনত Covid-19ৰ বাবে কাকো মুখ্য অতিথি হিচাপে নিমন্ত্ৰণ কৰা হোৱা নাছিল।

Related News