NORTHEAST NOW (Assamese)
Popular Stories

‘মুছলমান মহিলা সন্তান জন্ম দিয়াৰ কাৰাখানা’ – অশালীন মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল আৰ এছ এছ নেতা

Posted by: নৰ্থ ইষ্ট নাও, ডেস্ক Updated by: নৰ্থ ইষ্ট নাও, ডেস্ক June 3, 2023 7:40 pm

মুছলমান মহিলাৰ বিষয়ে অপমানজনক তথা সাম্প্ৰদায়িক মন্তব্য কৰি ৰঙাঘৰৰ বাট সুগম হ’ল এগৰাকী আৰ এছ এছ নেতাৰ। 

সামাজিক মাধ্যমত মুছলমান মহিলাৰ বিষয়ে বিতৰ্কিৰ তথা অপমানজনক মন্তব্য কৰি কাৰ্টুন শ্বেয়াৰ কৰাৰ বাবে কৰ্ণাটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰ এছ এছৰ নেতাগৰাকীক। 

 ৰাজু তুম্বক নামৰ এই আৰ এছ এছৰ নেতাজনে বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত এটা কাৰ্টুন প’ষ্ট কৰিছিল। এই প’ষ্টটোত

তেওঁ মুছলমান মহিলাসকলক সন্তান জন্ম দিয়া কাৰখানা হিচাপে অভিহিত কৰিছিল। 

উক্ত প’ষ্টটো ভাইৰেল হোৱাৰ পিচতে ৰাইছুৰ জিলাৰ মুছলমান সম্প্রদায়ৰ লোকসকলে তীব্র প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী সকলে থানা ঘেৰাও কৰি ৰাজু তুম্বকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক ২৪ ঘণ্টা সময় বান্ধি দিয়ে।

তাৰ পিচতে শুকুৰবাৰে ৰাজু তুম্বকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।