NORTHEAST NOW (Assamese)
Popular Stories

জাননী অবিহনে আঁতৰাই দিয়া হ’ল জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সম্পাদক ৰুবেন বেনাৰ্জীৰ ইউটিউব চেনেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 20, 2025 5:50 pm

জ্যেষ্ঠ সাংবাদিক তথা গিল্ডৰ সাধাৰণ সম্পাদক ৰুবেন বেনাৰ্জীৰ দ্বাৰা পৰিচালিত ইউটিউব চেনেল মু ৰুবেন কহুছি হঠাতে আঁতৰোৱাত উদ্বেগ প্ৰকাশ কৰি ইডিটৰছ গিল্ড অৱ ইণ্ডিয়াৰ এক কঠোৰ বিবৃতি প্ৰকাশ কৰিছে।

পূৰ্বৰ সতৰ্কবাণী বা ব্যাখ্যা অবিহনে ইউটিউবে নমাই আনিলে চেনেলটো। খবৰ অনুসৰি ৪ আগষ্টত বেনাৰ্জীক জনোৱা হৈছিল যে ইউটিউবৰ “চাৰ্কমভেনচন পলিচি উলংঘা কৰাৰ অভিযোগত তেওঁৰ চেনেলটো আঁতৰাই দিয়া হৈছে।

ইয়াৰ উপৰিও উল্লেখ কৰা হৈছে যে কোনো ধৰণৰ পূৰ্বৰ আক্ৰমণ, সতৰ্কবাণী বা সঁহাৰি জনোৱাৰ সুযোগ নোহোৱাকৈয়ে এই অপসাৰণ কৰা হৈছে। ডিটৰছ গিল্ড অৱ ইণ্ডিয়ায়ে ইউটিউবক চেনেলটো পুনৰ ঘূৰাই দিবলৈ আহ্বান জনাইছে।

২০২৪ চনৰ ছেপ্টেম্বৰ মাহত মুকলি কৰা ওডিয়া ভাষাৰ এই চেনেলটোৱে জনস্বাৰ্থৰ সাংবাদিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যত ওড়িশাৰ সমাজ কল্যাণ, শিক্ষা, মহিলা আত্মসহায়ক গোট আৰু ৰাজ্যিক ৰাজনীতিৰ বিষয়ে আলোচনা কৰা হৈছিল। ৩৩ হাজাৰৰো অধিক ছাবছক্ৰাইবাৰ থকা এই চেনেলটোত শেহতীয়াকৈ ৰাজনৈতিক নেতাসকলৰ সমালোচনামূলক মন্তব্য প্ৰকাশ পাইছিল।

ইয়াৰ পূৰ্বে বেনাৰ্জীয়ে আউটলুকৰ গ্ৰুপ এডিটৰ-ইন-চিফ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দ্য ইণ্ডিয়ান এক্সপ্ৰেছ, আল জাজিৰা আৰু হিন্দুস্তান টাইমছৰ সৈতেও তেওঁ জড়িত আছিল।