NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ‘ভোটৰ বাবে দৌৰ’ শীৰ্ষক সজাগতা ৰেলী অনুষ্ঠিত

Posted by: এন ই নাও নিউজ March 11, 2019 3:15 pm

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিক লৈ ৰাজনৈতিক দল সমূহৰ সমান্তৰালভাবে সষ্টম হৈছে জিলা প্ৰসাশন সমূহ। অসমৰ মূখ্য নিৰ্বাচনী বিষয়া মুকেশ চাহুৱে আজি কামৰূপ মহানগৰ জিলা প্ৰসাশনে লতাশিল খেলপথাৰত আয়োজন কৰা ‘‘ভোটৰ বাবে দৌৰ’’ শীৰ্ষক সজাগতা মূলক কাৰ্য্যসূচী আনুষ্ঠানিক ভাবে উদ্বোধন কৰে।

গুৱাহাটী মহানগৰীৰ ভালেকেইখন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলে সজাগতা মূলক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ভোটাধিকাৰ লাভ কৰা কোনো ব্যক্তিয়েই যাতে আগন্তুক লোকসভা নিৰ্বাচনত ভোটদানৰ পৰা বাদ নপৰে তাৰবাবে নিৰ্বাচন আয়োগে সৰ্বাধিক গুৰুত্ব দিছে বুলি সজাগতা ৰেলী উদ্বোধন কৰি কয় ৰাজ্যৰ মুখ্য নিৰ্বাচনী আয়ুক্ত মুকেশ চাহুৱে।

নিৰ্বাচনৰ সময়ত যাতে সকলো লোকে ভোটদানৰ বাবে ওলাই আহে তাৰবাবে নিৰ্বাচনী বিষয়াগৰাকীয়ে অসমৰ ৰাইজক আহ্বান জনায়।

সভাত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱেও অংশগ্ৰহণ কৰে। জিলা উপায়ুক্ত গৰাকীয়ে নতুন প্ৰজন্মৰ যুৱক-যুৱতী সকলক এনে সজাগতা কাৰ্য্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত জিলা প্ৰশাসনক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। নতুন প্ৰজন্মৰ ভোটাৰ সকলে স্বইচ্ছাই ভোট দান কৰিবলৈ আগবাঢ়ি অহাৰ লগতে আনকো ভোটদান কৰাৰ বাবে উৎসাহিত কৰিব লাগে বুলি উপায়ুক্ত গৰাকীয়ে কয়।

আজিৰ সজাগতা কাৰ্য্যসূচীত অসম চৰকাৰৰ নিৰ্বাচন বিষয়া জিমলী শইকীয়া কাকতি, সহকাৰী আয়ুক্ত শ্ৰৱণা সোণোৱাল, জিলা তথ্য আৰু জনসংযোগ বিষয়া ৰতন সাউদ উপস্থিত আছিল।