NORTHEAST NOW (Assamese)
Popular Stories

মধ্যপ্ৰদেশৰ বাছ দুৰ্ঘটনা : দুৰ্ঘটনাত পতিত লোকৰ জীৱন ৰক্ষা কৰা ৩ গৰাকী লোকক ৫ লাখ টকাৰ পুৰস্কাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2021 8:14 am
index

মধ্যপ্ৰদেশৰ শোকাৱহ বাছ দুৰ্ঘটনাত আক্ৰান্ত লোকক উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰা তিনিজন লোকক মধ্যপ্ৰদেশ চৰকাৰে আৰ্থিক পুৰস্কাৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

মধ্যপ্ৰেদশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে বুধবাৰে ঘোষণা কৰি কয় যে শোকাৱহ বাছ দুৰ্ঘটনাত আক্ৰান্ত লোকক উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰা এগৰাকী মহিলাসহ তিনিজন লোকক চৰকাৰে ৫ লাখ টকাকৈ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিব।

বুধবাৰে চিদ্ধি জিলাৰ বাছ দুৰ্ঘটনাস্থলীত উপস্থিত হৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ চৌহানে দুৰ্ঘটনাত পতিত লোকক উদ্ধাৰ কৰি জীৱন ৰক্ষা কৰা শিৱানী, লাভকুশ লুনীয়া আৰু সত্যেন্দ্ৰ শৰ্মা নামৰ তিনিজন ব্যক্তিক পাঁচ লাখকৈ টকা প্ৰদান কৰিব বুলি ঘোষণা কৰে।

উল্লেখ্য যে মধ্যপ্ৰদেশৰ চিদ্ধি জিলাৰ পাটনাত সংঘটিত শোকাৱহ বাছ দুৰ্ঘটনাত ২০ গৰাকী মহিলা ২ দুটি শিশুসহ ৫১ লোকৰ মৃত্যু ঘটিছিল।