NORTHEAST NOW (Assamese)

এসপ্তাহতেই বিয়া ভাগিল ৯২ বছৰীয়া ৰূপাৰ্ট মাৰ্ডকৰ। কিন্তু কিয়?

April 5, 2023 4:25 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 5, 2023 4:27 pm

এসপ্তাহ পূৰ্বেই ‘এংগেজমেন্ট’ সম্পন্ন হৈছিল আমেৰিকাৰ বিখ্যাত ধনকুবেৰ ৰূপাৰ্ট মাৰ্ডক আৰু এন্নে লেছলি স্মিথৰ। পিছে ইয়াৰ এসপ্তাহ পিছতেই বুধবাৰে বিচ্ছেদ ঘোষণা কৰিছে ৰূপাৰ্ট মাৰ্ডকে।

মাত্ৰ কেইদিনমান আগতেই ৯২ বছৰীয়া ৰূপাৰ্টে নিজৰ পঞ্চম বিবাহৰ কথা ঘোষণা কৰিছিল। এগৰাকী উচ্চ পদস্থ আৰক্ষী বিষয়া এন্নেক বিয়া কৰাবলৈ সিদ্ধান্ত লৈছিল ৰূপাৰ্টে।

ৰূপাৰ্টে নিজৰ দেশৰ সংবাদ মাধ্যমক এই বিবাহৰ বিষয়ে কৈছিল, প্ৰেমৰ কথা কৈছিল। এন্নেৰ প্ৰতিও তেওঁ আশাবাদী আছিল। অতীতৰ কথাবোৰ পাহৰি ৰূপাৰ্ট আগবাঢ়ি গৈছিল এটা নতুন জীৱনৰ দিশে, এখনি নতুন সংসাৰৰ ফালে।

কিন্তু ইয়াৰ মাজতে আহিল বেয়া খবৰটো। নিজৰ বিচ্ছেদ ঘোষণা কৰিলে ৰূপাৰ্টে।

এন্নেৰ অত্যধিক স্পষ্টবাদীতা আৰু ধৰ্মীয় আদৰ্শৰ সৈতে একমত হ’বলৈ অসুবিধা হৈছিল ৰূপাৰ্টৰ। সেয়েহে এই বিয়া ভংগৰ সিদ্ধান্ত লৈ পেলালে ধনকুবেৰ ৰূপাৰ্ট মাৰ্ডকে।

এতিয়া ৰূপাৰ্টৰ বিয়া ভঙাৰ খবৰে চৌদিশে লাভ কৰিছে ব্যাপক চৰ্চা। বহুতে সামাজিক মাধ্যমত লিখিছে এই বয়সত বিয়া পতাৰ কথা ভাবিবলৈ কিহে পাইছিল ৯২ বছৰীয়া ৰাপাৰ্টক।

Related News