NORTHEAST NOW (Assamese)

ৰূপজ্যোতি কুৰ্মী ৰিজেক্টেড, অভদ্ৰ ব্যক্তি; অৱশ্যে আমাৰ দলৰ দুৱাৰ খোলা আছে : তাচা

October 26, 2019 7:49 pm · উত্তম শইকীয়া
Updated: October 26, 2019 10:15 pm

ভাৰতীয় জনতা পাৰ্টীৰ উদ্যোগত আৰম্ভ হোৱা গান্ধী সংকল্প যাত্ৰাৰ আজি পুৱা বোকাখাত সমষ্টিৰ নুমলীগড়ৰৰ পৰা আৰম্ভ হৈ বোকাখাতত সামৰণি পৰে।

নুমলীগড়ৰ পৰা আৰম্ভ হোৱা এই পদ যাত্ৰাৰ নেতৃত্ব দিয়ে যোৰহাটৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই।

প্ৰতিকূল বতৰতো দলীয় সদস্য আৰু সমৰ্থকৰ সৈতে যাত্ৰাত অংশগ্ৰহণ কৰি সাংসদ কামাখ্যা প্ৰসাদ তাচাই বিজেপি দলে হাতে কামে গান্ধীৰ আদৰ্শ ৰূপায়ণ কৰা বুলি দাবী কৰে।

বিজেপিৰ গান্ধী সংকল্প যাত্ৰাত কামাখ্যা প্ৰসাদ তাচা। ফটো নৰ্থ-ইষ্ট নাও

ইফালে সাংবাদিকে কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰসংগত সোধা এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়, ‘ৰূপজ্যোতি কুৰ্মী এগৰাকী ৰিজেক্টেড ব্যক্তি। এনে ৰিজেক্টেড ব্যক্তিক দলত স্থান দিয়াতো মই নিবিচাৰো।’

‘ইমান অভদ্ৰ, ইমান অসামাজিক মানুহ বিজেপিত আহি টিকিব পাৰিব বুলি মই নাভাৱো। অৱশ্যে আমাৰ দলৰ দুৱাৰ খোলা আছে।’ তেওঁ লগতে কয়।

আজিৰ যাত্ৰাত অংশগ্ৰহণ কৰি গান্ধীৰ আদৰ্শক হাতে-কামে জনসাধাৰণৰ মাজলৈ নিয়াৰ বাবে এই যাত্ৰা কৰিছো বুলি মন্তব্য কৰি তেওঁ কয় যে গান্ধীৰ আদৰ্শৰ কথা কৈ বহুতে তেওঁক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰে।

বিয়লি বোকাখাতৰ নাট্যমন্দিৰ প্ৰাংগণত সামৰণি পৰা দলটোৰ গান্ধী সংকল্প যাত্ৰা তেওঁক সংগ দিয়ে ৰাজ্যিক সম্পাদক দেৱপ্ৰদীপ বৰা, কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক সদস্য অনিমেশ শইকীয়া আৰু যুৱ মৰ্চাৰ কেন্দ্ৰীয় সদস্য আকাশ ফুকনৰ লগতে বিভিন্ন বিষয়ববীয়াই।

Related News