NORTHEAST NOW (Assamese)

Ukraine war: ইউক্ৰেইন সংকটৰ ফল; চীনৰ আটাইতকৈ বৃহৎ তেল সৰবৰাহকাৰী হৈ পৰিল ৰাছিয়া!

June 20, 2022 6:41 pm · এন ই নাও নিউজ, গুৱাহাটী

ইউক্ৰেইন সংকটৰ পিছত ৰাছিয়াৰ ওপৰত পশ্চিমীয়া নিষেধাজ্ঞাৰ ফলত বিশ্বব্যাপী বাণিজ্য পথত পৰিৱৰ্তন আহিছে। বিশ্বত ৰাছিয়াৰ তেলৰ বজাৰ হ্ৰাস পাইছে যদিও চীনত সম্প্ৰসাৰিত হৈছে তেলৰ বজাৰ।

আন্তৰ্জাতিক সংবাদমাধ্যমৰ বাতৰি অনুসৰি ২৪ ফেব্ৰুৱাৰীৰ পৰা এতিয়ালৈকে ৰাছিয়া চীনৰ সৰ্ববৃহৎ তেল সৰবৰাহকাৰীত পৰিণত হৈছে।

লগতে পঢ়ক: Ukraine War: বৈঠকত ৰাছিয়াৰ মিছাইল আক্ৰমণ; ৫০ জনতকৈও অধিক ইউক্ৰেনীয় জেনেৰেল নিহত হোৱাৰ দাবী

চীনে চলিত বছৰৰ আৰম্ভণিতকৈ মে’ মাহত ৰাছিয়াৰ পৰা ৫৫ শতাংশ অধিক তেল আমদানি কৰিছে। পূৰ্বে চৌদি আৰৱ চীনৰ মুখ্য তেল যোগানকাৰী আছিল।

চীনে কৰ’না সংকটৰ সৈতে মোকাবিলা কৰিবলৈ তেলৰ বাবে ৰাছিয়াৰ পিনে মুখ কৰাৰ বিপৰীতে ৰাছিয়াইও অৰ্থনীতি ধৰি ৰাখিবলৈ চীনত তেলৰ বজাৰ সম্প্ৰসাৰিত কৰে।

লগতে পঢ়ক: দেশৰ সৰ্বস্তৰত অগ্নিপথ বিৰোধী প্ৰতিবাদ; ভাৰত বন্ধৰ মিশ্ৰিত প্ৰভাৱ: ফটো গেলেৰী

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত চীন আৰু ৰাছিয়াই ঘোষণা কৰিছিল যে তেওঁলোকে তেওঁলোকৰ বন্ধুত্ব আৰু শক্তিশালী কৰি তুলিব।

Related News