NORTHEAST NOW (Assamese)

ৰাছিয়াত প্ৰস্তুত হ’ল বিশ্বৰ প্ৰথমটো কোভিড-১৯ ভেকচিন; ৰাষ্ট্ৰপতি পুটিনৰ কন্যাই গ্ৰহণ কৰিলে ভেকচিন

August 11, 2020 4:55 pm · এন ই নাও নিউজ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন।

সমগ্ৰ বিশ্বত ক’ৰ’না মহামাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰি থকাৰ সময়তে ৰাছিয়াত প্ৰস্তুত হ’ল বিশ্বৰ প্ৰথমটো ক’ৰ’না ভাইৰাছৰ ভেকচিন।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনে মঙলবাৰে ৰাছিয়াই বিশ্বৰ প্ৰথমটো ক’ৰ’না প্ৰতিৰোধী ভেকচিন প্ৰস্তুত কৰি উলিয়াইছে বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

বিশ্বৰ প্ৰথমটো ক’ৰ’না ভাইৰাছৰ ভেকচিনক ৰাছিয়াৰ স্বাস্থ্য বিভাগে আনুষ্ঠানিকভাৱে মান্যতা প্ৰদান কৰিছে বুলিও পুটিনে লগতে কয়।

আনহাতে, পুটিনৰ নিজৰ কন্যাই এই ক’ৰ’না প্ৰতিৰোধী ভেকচিন গ্ৰহণ কৰিছে বুলিও জানিবলৈ দিয়ে।

মস্কোৰ গামেলিয়া ইষ্টিটিউটে ৰাছিয়াৰ ক’ৰ’না প্ৰতিৰোধী ভেকচিন বিধ প্ৰস্তুত কৰি উলিয়াইছে।

মানৱ দেহত পৰীক্ষণৰ মাত্ৰ দুমাহৰ ভিতৰতে এই ভেকচিন বিধে মান্যতা লাভ কৰিবলৈও সক্ষম হৈছে।

ৰাছিয়াৰ ক’ৰ’না ভাইৰাছ প্ৰতিৰোধী ভেকচিনে কিদৰে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হ’ব সেয়া সময়েহে ক’ব।

Related News