NORTHEAST NOW (Assamese)
Popular Stories

“ৰাছিয়াৰ অস্ত্ৰ শস্ত্ৰ কমি আহিছে। বাধ্য হৈছে পুৰণি অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ।” – আমেৰিকা।

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 14, 2022 7:44 pm

ৰাছিয়াই এতিয়া দশক দশক পুৰণি গোলাবাৰুদ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে। ইউক্ৰেইন লগত ১০ বছৰ ধৰি যুদ্ধ চলি আছে। দীৰ্ঘদিন ধৰি যুদ্ধ চলি থকাৰ লগে লগে ৰাছিয়াৰ গোলাবাৰুদৰ মজুত কমিবলৈ ধৰিছে। গতিকে ৰাছিয়া এই পথেৰে যাবলৈ বাধ্য হৈছে।

এই মন্তব্য আগবঢ়াইছে আমেৰিকাৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াই। সংবাদ সংস্থা ৰয়টাৰে সোমবাৰে বিষয়া জনক উদ্ধৃতি দি এই তথ্য প্ৰকাশ কৰে ।

নাম প্ৰকাশত অনিচ্ছুক আমেৰিকাৰ বিষয়াগৰাকীয়ে কয় যে ৰাছিয়াই পুৰণি গোলাবাৰুদ ব্যৱহাৰ কৰি আছে। ইয়াৰে কিছুমান গোলাবাৰুদ ৪০ বছৰতকৈও অধিক পূৰ্বে নিৰ্মাণ কৰা হৈছে।

আমেৰিকাৰ এজন জ্যেষ্ঠ সামৰিক বিষয়াই কয় যে ২০২৩ চনৰ পৰাই ৰাছিয়াৰ গোলাবাৰুদৰ মজুত শেষ হ’ব পাৰে।

আমেৰিকাৰ সামৰিক বিষয়াগৰাকীয়ে লগতে কয় যে আমাৰ ধাৰণা হৈছে যে ৰাছিয়াই যি হাৰত আৰ্টিলাৰী আৰু ৰকেটৰ গোলাবাৰুদ ব্যৱহাৰ কৰিছে, সেইফালৰ পৰা চালে ২০২৩ চনৰ আৰম্ভণিলৈকেহে মজুত থকা গোলাবাৰুদ চলি থাকিব পাৰে।

অৱশ্যে ৰাছিয়াৰ হাতত থকা অস্ত্ৰ শস্ত্ৰৰ পৰিমাণ সম্পৰ্কে এতিয়ালৈকে কোনো প্ৰামাণিক আৰু বস্তুনিষ্ঠ তথ্য কাৰোৰে হাততে নাই।