NORTHEAST NOW (Assamese)
অসম

Russia-Ukraine War: ইউক্ৰেইনৰ ৰাজধানী কিয়েভত আটাইতকৈ বৃহৎ মিছাইল আক্ৰমণ আৰম্ভ কৰিছে ৰাছিয়াই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2022 12:25 pm

Russia launches another massive missile strike ৰাছিয়াই ইউক্ৰেইনৰ ৰাজধানী কিয়েভত সৰ্ববৃহৎ মিছাইল আক্ৰমণ চলাইছে। ৰাছিয়াৰ সৈন্যই শুকুৰবাৰে নিশাৰ পৰা ইউক্ৰেইনৰ ৰাজধানীত ৭০ টাতকৈও অধিক ক্ৰুজ মিছাইল নিক্ষেপ কৰিছে।

তীব্ৰ ঠাণ্ডা আৰু বৰফৰ মাজত ৰাছিয়াৰ মিছাইল আক্ৰমণৰ ফলত চহৰখনৰ বিদ্যুৎ যোগান ব্যাহত হৈছে। ইউক্ৰেইন চৰকাৰে কৈছিল যে ‘ব্লেকআউট’ৰ ফলত চহৰখনৰ পানী যোগান আৰু অন্যান্য সেৱা ক্ষতিগ্ৰস্ত হৈছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে কেইমাহমান আগতে আশংকা প্ৰকাশ কৰিছিল যে ৰাছিয়াই শীতকালত এক নতুন বিধ্বংসী আক্ৰমণ কৰিব পাৰে। আৰু এইটোৱেই এতিয়া সত্য প্ৰমানিত হ’ল।

শুকুৰবাৰে ইউক্ৰেনে দাবী কৰে যে প্ৰায় ২ লাখ ৰাছিয়াৰ সৈন্যই শীতকালত কিয়েভ দখল কৰিবলৈ নতুন প্ৰস্তুতি আৰম্ভ কৰিছে। বাহিনীটোত নিৰ্বাচিত আৰ্টিলাৰী, টেংক আৰু সশস্ত্ৰ বেটেলিয়ন আছে।

ইউক্ৰেইনৰ সেনা প্ৰধান ভেলেৰী জালুজনিয়ে কয়, “অহা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ বৰ্ষপূৰ্তি হ’ব। তাৰ আগতে ৰাছিয়াই ৰাজধানী কিয়েভ দখল কৰিবলৈ ব্যাকুল হৈ পৰিছে।‘’ ভেলেৰীয়ে ৰাছিয়াৰ আক্ৰমণৰ মোকাবিলা কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ বাবে আন্তৰ্জাতিক বিশ্বৰ ওচৰত আহ্বান জনাইছে।

ৰাছিয়াই খেৰচন চহৰকে ধৰি ইউক্ৰেইনৰ কেইবাটাও অঞ্চলত নতুন ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন আক্ৰমণ আৰম্ভ কৰিছে। খেৰছনত ৰাছিয়াৰ আক্ৰমণত চাৰিজন নাগৰিক নিহত হৈছে। ইউক্ৰেনে ৰাছিয়াৰ সামৰিক বাহিনীক নিৰ্বাচিতভাৱে বিদ্যুৎ আৰু পানী যোগান প্ৰকল্পক লক্ষ্য কৰি লোৱা বুলি অভিযোগ কৰিছে।