NORTHEAST NOW (Assamese)
অসম

আকৌ বিপদত ভিক্টৰ দাস : এইবাৰ উত্তৰ গুৱাহাটীত এজাহাৰ দাখিল

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 24, 2024 9:53 am

আকৌ বিপদত পৰিছে ভিক্টৰ দাস। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশ্ৰাব্য ভাষাৰে গৰিহণা দিয়াৰ অভিযোগত ভিক্টৰ দাসৰ বিৰুদ্ধে উত্তৰ গুৱাহাটীত দাখিল কৰা হৈছে এজাহাৰ।

শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী কৰ্মীয়ে উত্তৰ গুৱাহাটীত এজাহাৰ দাখিল কৰে।

এজাহাৰত অভিযোগকাৰীয়ে ভিক্টৰ দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

উল্লেখযোগ্য যে দাসে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা এটা ভিডিঅ’ত মুছলমান ধৰ্মৰ এটা টুপী পিন্ধি আছিল আৰু মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল।

ভিক্টৰ দাসে অভিযোগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিন্দুত্ববাদ প্ৰচাৰ কৰাৰ বাবে ভিক্টৰ দাসে ধৰ্ম সলনি কৰি ভিক্টৰ দাসৰ পৰা ভিক্টৰ খান হৈছে।

ভিক্টৰ দাসে কৈছিল, “আপুনি মোক আজি এই টুপী পিন্ধা দেখিছে। হিমন্ত বিশ্ব শৰ্মাই এসময়ত নিজৰ স্বাৰ্থৰ বাবে এই টুপী পিন্ধিছিল। মোৰ কোনো উদ্দেশ্য বা কোনো ৰাজনৈতিক উচ্চাকাংক্ষা নাই।”

উল্লেখ্য যে ব্যক্তিগত টিউটৰ ভিক্টৰ দাসৰ ছ’চিয়েল মিডিয়াত বেছ ফ’ল’ৱাৰ বেছ আছে। তেওঁৰ এই অনুৰাগী সকলক তেওঁ ‘ভিক্টৰ সেনা’ বুলি অভিহিত কৰে।

উল্লেখ্য যে অসমৰ প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন কৰি তেওঁ প্ৰথমে ২০২২ চনত চৰ্চা লাভ কৰিছিল। ইয়াৰ পিছতে তেওঁক উৰাবাতৰি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়।