NORTHEAST NOW (Assamese)

ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ ‘অপৰাধ’ত ২৫ বছৰৰ কাৰাদণ্ড ৰাছিয়াৰ মানৱ অধিকাৰ কৰ্মীক

April 18, 2023 9:11 am · এন ই নাও নিউজ, গুৱাহাটী
ৰাছিয়াৰ ৰাজনীতিক তথা মানৱ অধিকাৰ কৰ্মী ভ্লাদিমিৰ কাৰা-মুৰ্জা। ফটো: সংগ্ৰহীত।

ইউক্ৰেইনত ৰাছিয়াৰ সেনা অভিযানৰ বিৰুদ্ধে তেওঁ ইণ্টাৰনেটৰ জৰিয়তে অহৰহ প্ৰচাৰ চলাই আহিছিল। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আক্ৰমণাত্মক আচৰণক সমালোচনা কৰিছিল। ৰাছিয়াৰ ৰাজনীতিক তথা মানৱ অধিকাৰ কৰ্মী ভ্লাদিমিৰ কাৰা-মুৰ্জাক সেই “অপৰাধ”ৰ বাবে মস্কোৰ এখন আদালতে ২৫ বছৰৰ কাৰাদণ্ড বিহিছে।

ব্ৰিটিছ বংশোদ্ভুত ৰাছিয়াৰ মানৱ অধিকাৰ আন্দোলনৰ নেতা তথা প্ৰাক্তন সাংবাদিক ৪১ বছৰীয়া মুৰ্জা “পুটিনৰ কঠোৰ সমালোচক” হিচাপে পৰিচিত।

লগতে পঢ়ক: বাথিন্দাত ৪ সহকৰ্মীক হত্যা কৰা ‘সাক্ষী’; সেনা জোৱানক গ্ৰেপ্তাৰ; পোহৰলৈ ‘প্ৰতিশোধ’ৰ কাৰণ

ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতিত পুটিন বিৰোধী স্থিতিৰ “অপৰাধ”ৰ বাবে বহুতকে গ্ৰেপ্তাৰ কৰা হৈছে। বহুতকে শাস্তি প্ৰদান কৰা হৈছে। আন বহুতেই ভয়ত ৰাছিয়া এৰি যাবলৈ বাধ্য হৈছে। ৰাছিয়া চৰকাৰৰ ‘শেহতীয়া চিকাৰ’ হৈছে মুৰ্জা।

অৱশ্যে মস্কোৰ আদালতত তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰে। বৰঞ্চ যুদ্ধৰ পৰিস্থিতিত আইন সলনি কৰি মানৱ অধিকাৰ খৰ্ব কৰাক সমালোচনা কৰে।

সোমবাৰে মুৰ্জাই কয়, ‘মই আক্ষেপ নকৰো, ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰিছো।‘ উল্লেখ্য যে ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত পুটিন চৰকাৰে নতুন আইন জাৰি কৰে, য’ত কোৱা হৈছে যে যিকোনো ব্যক্তিয়ে সেনাবাহিনীক বদনাম কৰিলে ১৫ বছৰ পৰ্যন্ত কাৰাবাসৰ মুখামুখি হ’ব পাৰে। ৰাষ্ট্ৰৰ সমালোচনাৰ শাস্তি আৰু অধিক।

লগতে পঢ়ক:IPL-2023: চিন্নাস্বামীত স্নায়ুযুঁজত বিজয়ী কেপ্টেইন কুল ধোনীৰ চেন্নাই; তীব্ৰ যুঁজ দিও হাৰিল কোহলীৰ দল বাংগালুৰু

ৰাছিয়াৰ মানৱ অধিকাৰ সংস্থাসমূহে অভিযোগ কৰিছে যে সেই দেশৰ ছ’চিয়েল মিডিয়াৰ নিৰন্তৰ নিৰীক্ষণৰ জৰিয়তে যুদ্ধ বিৰোধী কৰ্মীসকলক চিনাক্ত কৰা হৈছে।

Related News