NORTHEAST NOW (Assamese)

বিষ প্ৰয়োগৰ বলি ফুটবল ক্লাৱ চেলচিৰ স্বত্ত্বাধিকাৰ, ৰাছিয়ান ধনকুবেৰ ৰোমান আব্ৰামোভিচ

March 29, 2022 11:18 am · এন ই নাও নিউজ, গুৱাহাটী
ৰোমান আব্রামোভিচ।

ইউক্ৰেইন-বেলাৰুচ সীমান্তত শান্তি আলোচনাত অংশ লোৱা ইংলিছ ফুটবল ক্লাৱ চেলচিৰ স্বত্ত্বাধিকাৰ, ৰাছিয়াৰ ধনকুবেৰ ৰোমান আব্ৰামোভিচ বিষ প্ৰয়োগৰ বলি হৈছে।

চলিত মাৰ্চৰ আৰম্ভণিতে ইউক্ৰেইন-বেলাৰুচ সীমান্তত শান্তি আলোচনাত ভাগ লোৱাৰ পিছৰে পৰা আব্ৰামোভিচৰ চকু জ্বলা-পোৰা, ছাল ৰ খজুৱতিকে ধৰি বিষক্ৰিয়াৰ বিভিন্ন লক্ষণে দেখা দিয়ে।

আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, ইংলিছ ফুটবল ক্লাৱ চেলচিৰ স্বত্ত্বাধিকাৰ ৰোমান আব্ৰামোভিচে উক্ত শান্তি আলোচনাত ভাগ লোৱাৰ সময়তে সম্ভাৱ্য বিষক্ৰিয়াৰ ফলত কিছু অসুস্থ হৈ পৰিছিল।

লগতে পঢ়ক: বিনামূলীয়া নহয়, মাত্ৰ ২৫ টকাত ‘গৰু’: চলচ্চিত্ৰপ্ৰেমী দৰ্শকলৈ সুযোগ হিমাংশু প্ৰসাদ দাসৰ

তেওঁৰ লগতে আলোচনাত অংশ লোৱা ইউক্ৰেইনৰ ব্যক্তিসকলেও অসুস্থ অনুভৱ কৰিছিল বুলি কোৱা হৈছে। মস্কোৰ কট্টৰপন্থীসকলে আলোচনা ব্যৰ্থ কৰাৰ উদ্দেশ্যে এই ‘আক্ৰমণ’ চলোৱাৰ অনুমান কৰা হৈছে।

উল্লেখ্য যে শেহতীয়াকৈ ব্ৰিটেইনকে ধৰি পাশ্চাত্যৰ দেশসমূহে আব্ৰামোভিচৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিছে। আব্ৰামোভিচ পুটিনৰ ঘনিষ্ঠ এগৰাকী প্ৰভাৱশালী ব্যৱসায়ী। যুদ্ধ বন্ধ কৰাৰ বাবে পুটিনৰ সৈতে কথা পাতিবলৈ আব্ৰামোভিচক হেচা দিয়া হৈছিল। তেওঁ আনকি চাপত পৰি ফুটবল ক্লাৱ চেলচি বিক্ৰী কৰাৰ কথাও ঘোষণা কৰিছিল।

লগতে পঢ়ক: তামুলপুৰত উপস্থিত প্ৰথম মহিলা এভাৰেষ্ট বিজয়ী বাচেন্দ্ৰী পাল

বিগত বহুকেইদিন ধৰি আব্ৰামোভিচে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত শান্তি স্থাপনৰ উদ্দেশ্যে মস্কো-কীয়েভ যাত্ৰা অব্যাহত ৰাখিছিল।

বাতৰি অনুসৰি, শেহতীয়াকৈ কীয়েভত এখন শান্তি বৈঠকৰ পিছতে আব্ৰামোভিচৰ লগতে ইউক্ৰেইনৰ দুগৰাকী শীৰ্ষ বিষয়া অসুস্থ হৈ পৰিছিল। পিছত অৱশ্যে তেওঁলোক সুস্থ হৈ উঠে।  

Related News