NORTHEAST NOW (Assamese)
অসম

৫০ বছৰ ধৰি নাকৰ ভিতৰত সোমাই থাকিল এটি ধাতুৰ মুদ্ৰা! পৰিণতি কি হ’ল?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2020 7:45 am
a coin

সৰুতে কিমানে যে  কত’ কি দুষ্টামি নকৰে তাৰ কোনো লেখ জোখ নাই।

সৰুতে বহুতে পইচা গিলি দিয়া, মাৰ্বল গিলি দিয়া আদি কাম বোৰ কৰিয়েই থাকে।

ইয়াত যিজন লোকৰ কথা কবলৈ লোৱা হৈছে তেওঁ সৰুতে পইচা গিলি দিয়া নাছিল, গিলাৰ সলনি তেওঁ ধাতুৰ মুদ্ৰা এটা নাকেৰে সুমুৱাই দিছিল।

মানুহ জনৰ বয়স যেতিয়া ৬ বছৰ আছিল তেতিয়াই তেওঁ খেলি থকাৰ মাজতে নাকেৰে ধাতুৰ মুদ্ৰাটো সুমুৱাই দিছিল।

ঘটনাটো ঘটাৰ পিছত তেওঁ যথেষ্ট ভয় খাইছিল যদিও মাকৰ মাৰ খোৱাৰ ভয়ত কথাটো গোপনে ৰাখিছিল।নাকৰ ভিতৰলৈ মুদ্ৰাটো সোমাই যোৱাৰ পিছতো লোকজনে কোনো অসুবিধা পোৱা নাছিল।

সেয়ে গ’ল কথা গ’ল বুলি তেওঁ সেই কথা পাহৰি গৈছিল। এনেদৰে বাগৰি গৈছিল মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ।ৰাছিয়াৰ এই লোক জনৰ বৰ্তমান বয়স ৫৯ বছৰ।

৬ বছৰ বয়সতে নাকত সোমাই যোৱা মুদ্ৰাটোৱে এতিয়াহে যেন লোক জনক আমনি দিবলৈ ধৰিলে। সোঁ নাকেৰে তেওঁ উশাহ লব নোৱাৰাৰ দৰে হৈ পৰিল।

এনে অসুস্থতাৰ কাৰণ কি একো ধৰিব নোৱাৰি তেওঁ কাষ চাপিল চিকিৎসকৰ। চিকিৎসকেও ৰোগ বিধ ধৰিব নোৱাৰি নাকৰ স্কেন কৰাৰ পৰামৰ্শ দিলে।

স্কেনৰ ৰিপ’ৰ্ট চাই চিকিৎসকৰ চকু থৰ লাগিল। কাৰণ লোক জনৰ নাকৰ ভিতৰত সোমাই আছে প্ৰায় শিলৰ ৰূপ গ্ৰহণ কৰা এটা মুদ্ৰা।

চিকিৎসকৰ কথা শুনি লোক জনৰ মনত পৰি গ’ল ছবছৰ বয়সতে ঘটি যোৱা ঘটনাটোলৈ। লগে লগে লোক জনৰ নাকৰ অস্ত্ৰপোচাৰ কৰি নাকৰ ভিতৰত সোমাই থকা মুদ্ৰাটো উলিয়াই অনা হয়।

লোক জন বৰ্তমান সুস্থ আৰু তেওঁক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।