NORTHEAST NOW (Assamese)
অসম

ধোনীক অতিক্ৰমি প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটৰ এলিট ক্লাৱত কোহলি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2020 7:14 am
viratkohli-08-1510122373

টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলিয়ে ভাঙিলে মহেন্দ্ৰ সিং ধোনীৰ অনবদ্য অভিলেখ। ইয়াৰ দ্বাৰা  প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটৰ এলিট ক্লাৱত স্থান লাভ কৰিলে কোহলিয়ে।

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চলি থকা এদিনীয়া ছিৰিজৰ দ্বিতীয়খন মেচত নিজৰ অৰ্দ্ধ শতৰাণ কৰাৰ পথত কোহলিয়ে ৭টা চাৰি কোবায়। মেচখনত প্ৰথমটো বাউণ্ডেৰি মৰাৰ লগে লগে কোহলিয়ে এদিনীয়া ক্ৰিকেটত ধোনীৰ ৪৯৯টা চাৰি মৰাৰ অভিলেখ ভংগ কৰে।

কোহলিয়ে নিজৰ ইনিংছটোৰ দ্বিতীয়টো চাৰি মৰাৰ লগে লগে অধিনায়ক হিচাপে ধোনীক অতিক্ৰমি ৫০০টা বাউণ্ডেৰিৰ অভিলেখ স্পৰ্শ কৰে।

কোহলিৰ এদিনীয়া ক্ৰিকেটত মুঠ বাউণ্ডেৰিৰ সংখ্যা হ’লগৈ ৫০৫টা। এই সূত্ৰে কোহলিয়ে বিশ্বৰ চতুৰ্থগৰাকী তথা  ভাৰতৰ প্ৰথমগৰাকী অধিনায়ক হিচাপে ৫০০টা বাউণ্ডেৰিৰ ক্লাৱত প্ৰৱেশ কৰিলে।

অধিনায়ক হিচাপে কোহলিতকৈ অধিক চাৰি মৰাৰ অভিলেখ আছে অষ্ট্ৰেলিয়াৰ ৰিকি পন্টিং, নিউজিলেণ্ডৰ ষ্টিফেন ফ্লেমিং আৰু দক্ষিণ আফ্ৰিকাৰ গ্ৰেম স্মিথৰ।

অধিনায়ক হিচাপে ৰিকি পন্টিঙে ৭৯৪টা চাৰি মাৰিছে। ষ্টিফেন ফ্লেমিঙে মাৰিছে ৬৭০টা চাৰি। সেইদৰে গ্ৰেম স্মিথে ৬৩০টা চাৰি মৰাৰ অভিলেখ গঢ়িছে।

এতিয়া এই তালিকাত কোহলি চাৰি নম্বৰত স্থান লাভ কৰাৰ বিপৰীতে ধোনী পাঁচ নম্বৰ স্থানলৈ নামিল।

আনহাতে, অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এইখন মেচতেই বিৰাট কোহলিয়ে আন্তৰ্জাতিক ক্ৰিকেটত ২২হাজাৰ ৰাণৰ সীমা অতিক্ৰম কৰে।