NORTHEAST NOW (Assamese)

ফ্ৰান্সৰ পিছত এইবাৰ ৰাছিয়াত ‘আল্লা হু আকবৰ’ ধ্বনি দি আৰক্ষী থানাত আক্ৰমণ ইছলামিক সন্ত্ৰাসবাদীৰ

October 31, 2020 9:52 am · এন ই নাও নিউজ
Updated: October 31, 2020 9:55 am

ইছলামিক সন্ত্ৰাসবাদীৰ কূটাঘাতে কঁপাই তোলা ফ্ৰান্সৰ পিছত এইবাৰ ৰাছিয়াত আৰম্ভ হৈ মৌলবাদীৰ কূটাঘাত।

ৰাছিয়াৰ মুছলমান লোক অধ্যুষিত তাতাৰস্তানৰ কুকমুৰ অঞ্চলত যোৱা নিশা এজন কিশোৰ সন্ত্ৰাসবাদীয়ে এখন আৰক্ষী থানাত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰে।

স্থানীয় আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি ১৬ বছৰীয়া কিশোৰ জনে হাতত চোকা অস্ত্ৰ লৈ থানা খনৰ ভিতৰলৈ সোমাই যায় আৰু কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।

ঘটনাৰ তাৎক্ষণিকতাত হতভম্ব হৈ পৰা আৰক্ষীয়ে মুহূৰ্ততে পৰিস্থিতি চম্ভালি লয় আৰু কিশোৰ সন্ত্ৰাসবাদী ঝনক গুলীয়াই নিধন কৰে।নিহত সন্ত্ৰাসবাদী জনক ভিটালি আন্তপভ বুলি চিনাক্ত কৰা হৈছে।

ৰাছিয়াৰ সংবাদ প্ৰতিষ্ঠান ইণ্টাৰফেক্সে  প্ৰকাশ কৰা তথ্য অনুসৰি আক্ৰমণকাৰী কিশোৰ জনে থানা খনত আক্ৰমণ সংঘটিত কৰাৰ পূৰ্বে ‘আল্লা হু আকবৰ’ বুলি ধ্বনি দিছিল আৰু আৰক্ষীকো কাফেৰ বুলি কৈছিল।

থানাত আক্ৰমণ চলোৱাৰ আগে আগে কিশোৰ জনে ছ’চিয়েল মিডিয়াত এক ভিডিঅ’ প্ৰকাশ কৰি কৈছিল যে তেওঁ কাফে এখনত আক্ৰমণ চলাব।

কাফে সমূহত নাচ-গান কৰা হয় আৰু মদ বিক্ৰীও কৰা হয়। যি কথা ইছলামৰ পৰিপন্থী।কিন্তু কিশোৰ জনে কাফেত আক্ৰমণ চলোৱাৰ সলনি থানা খনতহে আক্ৰমণ সংঘটিত কৰে।

এই ঘটনাৰ পিছতে ৰাছিয়াৰ চৰকাৰ সষ্টম হৈ পৰা পৰিলক্ষিত হৈছে।

Related News