NORTHEAST NOW (Assamese)

ৰাছিয়াত সুদীৰ্ঘ ৫০০ বছৰৰ মূৰত আগ্নেয়গিৰি উদগিৰণ : ভূইকঁপে জোকাৰিছে দেশ

August 3, 2025 7:11 pm · নৰ্থ-ইষ্ট নাও

ৰাছিয়াৰ হৈছে বৃহৎ আগ্নেয়গিৰি উদগিৰণ। ৰাছিয়া পূৱ অঞ্চলত ৫০০ বছৰৰ মূৰত হৈছে আগ্নেয়গিৰি উদগিৰণ।

বিগত সপ্তাহত সংঘটিত হোৱা প্ৰচণ্ড ভূমিকম্পৰ সৈতে ইয়াৰ সম্পৰ্ক থাকিব পাৰে বুলি বিশেষজ্ঞসকলে কয়।

কামচাটকাৰ ক্ৰাচেনিনিকোভ আগ্নেয়গিৰিৰ পৰা নিশা প্ৰায় ছয় কিলোমিটাৰ উচ্চতালৈ উঠি আহিছিল আগ্নেয় পদাৰ্থ।

ইয়াৰ কেইঘণ্টামানৰ পাছত ৰাছিয়াত আন এক বৃহৎ ভূমিকম্পৰ সৃষ্টি হয়।

যোৱা সপ্তাহত বুধবাৰে একেটা অঞ্চলতে সংঘটিত হোৱা প্ৰবল ভূমিকম্পৰ সৈতে দুয়োটা ঘটনাৰ সম্পৰ্ক থাকিব পাৰে। এই ভূমিকম্পৰ বাবেই ফ্ৰেঞ্চ পলিনেছিয়া আৰু চিলিৰ দৰে দূৰৈৰ অঞ্চলতো চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল।

Related News