NORTHEAST NOW (Assamese)
অসম

ইতিহাস ৰচনা কৰিলে ৰিয়ানে : টীম ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে জিলিকিব অসমীয়া ল’ৰাৰ মুখ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী June 24, 2024 5:47 pm
ইতিহাস ৰচনা কৰিলে ৰিয়ানে : টীম ইণ্ডিয়াত প্ৰথমবাৰৰ বাবে জিলিকিব অসমীয়া ল’ৰাৰ মুখ

ইতিহাস ৰচনা কৰিলে অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে। ভাৰতীয় মূল(ৰাষ্ট্ৰীয়) ক্ৰিকেট দলত স্থান লাভ কৰিলে অসম সন্তান ৰিয়ানে।

খবৰ অনুসৰি, জিম্বাবৱেৰ বিৰুদ্ধে হ’বলগীয়া ৫খনীয়া টি-২০ শৃংখলা খেলিব ৰিয়ান পৰাগে।

অৱশ্যে এতিয়াও BCCI এ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা নাই যদিও সামাজিক মাধ্যমত ইতিমধ্যে এই খবৰ বিয়পি পৰা দেখা গৈছে।

ভাৰতীয় পুৰুষ জাতীয় দলত স্থান লাভ কৰা অসম তথা উত্তৰ-পূবৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ হৈছে ৰিয়ান পৰাগ।

ক্ষন্তেক সময়ৰ পিছতে হয়তো এই কথা ঘোষণা কৰিব BCCI এ.