NORTHEAST NOW (Assamese)

বিপদত শ্ৰীসান্থ! ১৮ লক্ষাধিক টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত ৰুজু হ’ল গোচৰ

November 24, 2023 6:30 pm · এন ই নাও নিউজ, গুৱাহাটী

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত মেচ ফিক্সিঙৰ অভিযোগত দোষী সাব্যস্ত হৈ নিলম্বিত হোৱা ভাৰতৰ প্ৰাক্তন পেচাৰ এছ শ্ৰীসান্থৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে প্ৰৱঞ্চনাৰ অভিযোগ।

উত্তৰ কেৰালাৰ কান্নুৰ জিলাৰ এজন ব্যক্তিয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে শ্ৰীসান্থৰ লগতে আন দুজন ব্যক্তিৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি, অভিযুক্ত ৰাজীৱ কুমাৰ আৰু ভেঙ্কটেশ কিনিয়ে বিগত ২০১৯ চনৰ ২৫ এপ্ৰিলৰ পৰা আৰম্ভ কৰি তাৰ পিছতো ব্যক্তিজনৰ পৰা ১৮.৭০ লাখ টকা লৈছিল।

তেওঁলোকে কৰ্ণাটকৰ কোল্লুৰত এখন ক্ৰীড়া একাডেমী নিৰ্মাণ কৰিব বুলি উল্লেখ কৰি ব্যক্তিজনৰ পৰা এই ধনৰাশি সংগ্ৰহ কৰিছিল।

এই পৰিকল্পনাটোত ক্ৰিকেটাৰ শ্ৰীসান্থো অংশীদাৰ হিচাপে আছিল। অভিযোগকাৰী ছাৰীশ গোপালনৰ মতে, তেওঁক একাডেমীত অংশীদাৰ হোৱাৰ সুযোগ দিয়াৰ প্ৰতিশ্ৰুতিৰে ধন আদায় দিছিল।

এই অভিযোগৰ পিছতে শ্ৰীসান্থ আৰু আন দুজন অভিযুক্তৰ বিৰুদ্ধে আইপিচি ধাৰা ৪২০ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে।

অৱশ্যে ক্ৰিকেটাৰ শ্ৰীসান্থক গোচৰটোৰ তৃতীয় অভিযুক্ত হিচাপেহে নামাকৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News