নিটৰ প্ৰতিবাদক লৈ এইবাৰ মাত মাতিলে শচীন তেণ্ডুলকাৰে, কি ক’লে লিটল মাষ্টাৰে?
যন্তৰ মন্তৰত চলি থকা নিট পৰীক্ষাৰ প্ৰতিবাদক লৈ ইতিমধ্যে দেশৰ বহুতো বিশিষ্ট ব্যক্তিয়ে নিজৰ মত প্ৰকাশ কৰিছে। এইবাৰ এই বিষয়ত মাত মাতিলে ক্ৰিকেটৰ লিটল মাষ্টাৰ শচীন তেণ্ডুলকাৰে। তেওঁ কয় যে আমি সকলোৱে মিলি এনে এক পৰিৱেশ গঢ়ি তুলিব লাগিব যাতে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলে এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহয়।
এক্স হেণ্ডেলত শচীনে লিখিছে যে তেওঁৰ পিতৃ এজন অধ্যাপক আছিল আৰু বহুতো যুৱ ছাত্ৰ-ছাত্ৰীৰ পথপ্ৰদৰ্শক আছিল। পিতৃয়ে তেওঁক সৰুতেই এটা গুৰুত্বপূৰ্ণ শিক্ষা দিছিল যে বিফল হোৱাটো কোনো অপৰাধ নহয়, কিন্তু প্ৰতাৰণা কৰাটো একেবাৰেই বেয়া কথা। জীৱনত কেতিয়াও চমু পথ বা সহজ পথ বাছি ল’ব নালাগে। শচীনে কয় যে সমাজৰ দায়িত্বশীল নাগৰিক হিচাপে এক সুস্থ সংস্কৃতি গঢ়ি তোলাটো আমাৰ দায়িত্ব। যি খন সমাজত কঠোৰ পৰিশ্ৰমতকৈ কেৱল ফলাফলক বেছি গুৰুত্ব দিয়া হয়, তাত যোগ্যতাতকৈ চমু পথকহে মানুহে আঁকোৱালি লয়। আজিৰ ছাত্ৰ-ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰাৰ পিছতো যেতিয়া উচিত ফল নাপায়, তেতিয়া তেওঁলোক হতাশ হোৱাটো অতি স্বাভাৱিক কথা। সেয়েহে আমি সকলোৱে মিলি এনে এক পৰিৱেশ গঢ়ি তুলিব লাগিব যাতে তেওঁলোকে আৰু কেতিয়াও এনে দিন দেখিবলগীয়া নহয়।
ইয়াৰ পিছত তেওঁ আকৌ লিখিছে যে আমাৰ যুৱ ভাৰত সপোন আৰু প্ৰাণশক্তিৰে ভৰপূৰ। তেওঁলোকেই আমাৰ সফলতাৰ মূল চালিকাশক্তি। অভিভাৱক, শিক্ষক, বন্ধু-বান্ধৱ, আত্মীয়-স্বজন, শিক্ষানুষ্ঠান আৰু প্ৰশাসনীয় বিষয়াসকলকে ধৰি সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰে ইয়াত এক বিশাল দায়িত্ব আছে। আমাৰ যুৱ সমাজে যাতে সদায় উৎসাহ আৰু উদ্দীপনাৰে আগবাঢ়ি যাব পাৰে, সেয়া নিশ্চিত কৰিবলৈ আমি প্ৰত্যেকেই নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগিব। আমি এনে এক সংস্কৃতি গঢ়ি তুলিব লাগিব য’ত কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পোৱা যায়, সততাক উৎসাহিত কৰা হয় আৰু যোগ্যতাৰ জয় হয়। শচীনে বিশ্বাস কৰে যে সকলোৱে মিলি এনে এক সমাধান উলিয়াব পাৰিব যিয়ে আমাৰ সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিব আৰু তেওঁলোকৰ সপোনবোৰ পূৰণ হোৱাত সহায় কৰিব। জয় হিন্দ।
উল্লেখযোগ্য যে, অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো ব্যক্তিগত সোণৰ পদক জয় কৰা অভিনৱ বিন্দ্ৰায়ো এই বিষয়ত মাত মাতিছে। তেওঁ স্পষ্টকৈ কয় যে কিছুমান বিষয় গোটেই দেশবাসীৰ লগত জড়িত হৈ থাকে আৰু সকলো ভেদাভেদ পাহৰি দেশে এইবোৰৰ প্ৰতি গুৰুত্ব দিব লাগে। আনহাতে ভাৰতীয় টেনিছ তাৰকা ছানিয়া মিৰ্জায়ো কয় যে ছাত্ৰ-ছাত্ৰীসকলৰ মাত আমি শুনিব লাগিব আৰু আমাৰ শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰিব লাগিব। আমাৰ সমাজত হিংসাৰ কোনো স্থান নাই বুলি উল্লেখ কৰি তেওঁ কয় যে দেশৰ যুৱ সমাজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ আমি সকলোৱে একেলগে কাম কৰিব লাগিব।