NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা সকলক প্লাজমা দান কৰিবলৈ আহ্বান শচীন টেণ্ডুলকাৰৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 9:49 am
Sachin-Tendulkar-

ক’ৰ’না ভাইৰাছৰ সন্ত্রাসৰ বিৰুদ্ধে সমগ্র বিশ্বৰ লগতে ভাৰতেও যুঁজ চলাই আছে৷ এই ভাইৰাছবিধৰ ত্রাস ৰুধিবলৈ এইপর্যন্ত কোনো ভেকচিন অথবা ঔষধ ওলোৱা নাই৷

কিন্তু এই মহামাৰীৰ আক্রমণৰ পৰা সুস্থ হৈ উঠা লোকসকলে প্লাজমা থেৰাপিৰ জৰিয়তে আন আক্রান্তৰ জীৱন ৰক্ষা কৰিব পাৰে৷

সেয়ে এই ভাইৰাছৰ আক্রমণৰ পৰা সুস্থ হৈ উঠাসকলক প্লাজমা দান কৰিবলৈ আহ্বান জনাইছে ‍‘ক্রিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰে৷

মুম্বাইৰ আন্ধেৰীৰ ছেভেন হিলছ চিকিৎসালয়ত ক’ৰ’নাত আক্রান্তৰ শুশ্রূষা কৰিবলৈ এক প্লাজমা থেৰাপি য়ুনিট মুকলি কৰি টেণ্ডুলকাৰে কয়, ‘ক’ৰ’না ভাইৰাছৰ মহামাৰী ৰূপৰ বাবে আমি সকলোৱে স্বাস্থ্যজনিত সংকটৰ সন্মুখীন হ’ব লগীয়া হৈছে’।

‍‘এই সংকটৰ সময়ত আমাৰ চিকিৎসক, নার্ছ, স্বাস্থ্য কর্মী, আৰক্ষী, চাফাই কৰ্মী আৰু চৰকাৰী কর্মচাৰীয়ে বিৰামহীনভাৱে ক’ৰ’না ভাইৰাছত আক্রান্তৰ সেৱাত নিয়োজিত কৰি ৰাখিছে’, বুলি কয় শচীনে।

তেওঁ লগতে কয় যে বিশ্বজুৰি এই ভাইৰাছৰ উপযুক্ত ভেকচিন আৰু চিকিৎসা পদ্ধতি আৱিষ্কাৰৰ বাবে গৱেষণা চলি আছে যদিও শেহতীয়াকৈ ক’ৰ’নাত গুৰুতৰভাৱে আক্রান্তসকলৰ চিকিৎসাৰ বাবে বিকল্প হৈ উঠিছে প্লাজমা থেৰাপি৷

ইআৰ উফৰি প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে ক২ৰ’নাৰ পৰা সুস্থ হৈ উঠা লোকসকলক আনৰ বাবে তেজ দান কৰিব কৰিবলৈ কাতৰভাৱে অনুৰোধ তথা আহ্বান জনায়।

উল্লেখ্য যে মহাৰাষ্ট্ৰত ২ লাখৰো অধিক লোক আক্ৰান্ত হৈছে ক’ৰ’নাত।