NORTHEAST NOW (Assamese)

শিক্ষক দিৱসত প্ৰিয় শিক্ষাগুৰুক স্মৰণ ক্ৰিকেটৰ ভগৱানৰ

September 5, 2019 12:43 pm · এন ই নাও নিউজ
Updated: September 5, 2019 12:48 pm
গুৰুৰ সৈতে শচীন টেণ্ডুলকাৰ

সমগ্ৰ দেশ জুৰি উলহ মালহেৰে পালন কৰা শিক্ষক দিৱসৰ দিনটোত নিজৰ প্ৰিয় শিক্ষাগুৰু ৰামাকান্ত ভিত্থাল আচৰেকাৰলৈ শুভেচ্ছা জ্ঞাপন কৰিছে ভাৰতীয় ক্ৰিকেটৰ ভগৱান স্বৰূপ শচীন টেণ্ডুলকাৰে।

নিজৰ টুইটাৰত প্ৰিয় শিক্ষক গৰাকীলৈ শ্ৰদ্ধা জনাই শচীনে লিখিছে ‘‘কেবল শিক্ষাৰ বাবেই নহয় মূল্যবোধৰ বাবেও শিক্ষাগুৰুৰ প্ৰয়োজন। আচৰেকাৰ ছাৰে মোক খেলপথাৰত আৰু জীৱনত সদায় চিধাকৈ খেল খেলাৰ কথা শিকাইছিল। মই মোৰ জীৱনত তেখেতৰ অপূৰ্ব অৱদানৰ বাবে চিৰদিন কৃতজ্ঞ হৈ ৰম। তেখেতৰ শিক্ষাই আজিও মোক পথ প্ৰদৰ্শন কৰে।’’

সমগ্ৰ দেশে দেশে  ৫ ছেপ্তেম্বৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ ওপজা দিনটো শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে।

উল্লেখযোগ্য যে, শচীন টেণ্ডুলকাৰে ভাৰতীয় ক্ৰিকেটক নিজৰ অতুলনীয় ক্ৰিকেট শৈলীৰে বিশ্ব ক্ৰিকেটৰ মজিয়াত শক্তিশালী স্থানত উপনীত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

স্কুলীয়া দিনৰ পৰাই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰা শচীন টেণ্ডুলকাৰৰ ক্ৰিকেটৰ প্ৰথম গুৰু আছিল ৰমাকান্ত আচৰেকাৰ।

মুম্বাইৰ শিৱাজী পাৰ্কত আচৰেকাৰৰ পৰাই শচীনে ক্ৰিকেটৰ আদিপাঠ গ্ৰহণ কৰিছিল আৰু পৰৱৰ্তী সময়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আচৰেকাৰৰ ক্ৰিকেটৰ শিক্ষাই শচীন টেণ্ডুলকাৰক ভাল প্ৰদৰ্শন দাঙি ধৰাত সহায় কৰিছিল।

মহান ক্ৰিকেটাৰ গৰাকীয়ে প্ৰায়ে তেওঁৰ জীৱনত আৰু সফলতাৰ প্ৰসংগত গুৰু ৰামচন্দ্ৰ আচৰেকাৰৰ প্ৰভাৱৰ বিষয়ে উল্লেখ কৰি আহিছে।

শচীন টেণ্ডুলকাৰ হ’ল ক্ৰীড়া ক্ষেত্ৰৰ পৰা ভাৰত ৰত্ন লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ। শচীনে ভাৰত ৰত্ন বঁটা লাভ কৰাৰ পাছত ৰমাকান্ত আচৰেকাৰৰ গৃহত উপস্থিত হৈ গুৰুৰ হাতত তুলি ধৰিছিল ভাৰত ৰত্ন বঁটাটো।

Related News