NORTHEAST NOW (Assamese)

ভাৰতত ক্ৰিকেটক ধৰ্ম হিচাপে প্ৰতিষ্ঠা কৰি নিজেই হৈ পৰিল ক্ৰিকেটৰ ভগৱান : আজি শচীন তেণ্ডুলকাৰৰ ওপজা দিন

April 24, 2024 7:55 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

ভাৰতত আজি ক্ৰিকেটক ধৰ্মৰ দৰেই মৰ্যাদা দিয়া হৈছে। ভাৰতত এই খেলবিধ ইমান বিখ্যাত কৰি তোলাত গুৰুত্বপূৰ্ণ অৱদান আছে মহান বেটছমেন শচীন তেণ্ডুলকাৰৰ। ভাৰতত ক্ৰিকেটক কিয় ধৰ্ম বুলি কোৱা হয় আৰু শচীন তেণ্ডুলকাৰক কিয় এই খেলৰ ঈশ্বৰ বুলি কোৱা হয়, সেই সম্পৰ্কে দিয়া যুক্তিৰ সংখ্যা যিমান দিলেও কম হ’ব, কাৰণ এই খেলৰ জগতখনত এই খেলুৱৈজনৰ মৰ্যাদা বহুত বেছি। 

আজি শচীন তেণ্ডুলকাৰৰ ৫১ সংখ্যক জন্মদিন উদযাপন। ২৪ বছৰ ধৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সক্ৰিয় হৈ থকা শচীন তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰৰ প্ৰায় প্ৰতিটো সপোন পূৰণ কৰিছিল। কম বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত প্ৰৱেশ কৰিছিল শচীন তেণ্ডুলকাৰে। তেওঁৰ সন্মুখত আছিল সেই সময়ৰ কিংবদন্তি বেগী বলাৰসকল। 

১৯৭৩ চনৰ ২৪ এপ্ৰিলত মুম্বাইত জন্মগ্ৰহণ কৰা শচীন তেণ্ডুলকাৰ অৱসৰৰ ১১ বছৰ পিছতো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰী। এই অভিলেখ এতিয়ালৈকে কোনেও ভংগ কৰিব পৰা নাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৩৪৩৫৭ ৰান সংগ্ৰহ কৰিছে শচীন তেণ্ডুলকাৰে। 

ৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহৰ বিশ্ব অভিলেখো শচীন তেণ্ডুলকাৰৰ নামতেই আছে। ১৮৪২৬ ৰান সংগ্ৰহ কৰি অভিলেখ ৰচনা কৰি থৈছে কিংবদন্তী তেণ্ডুলকাৰে। 

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সৰ্বাধিক শতক অৰ্জনৰ অভিলেখো আছে শচীনৰ নামতেই। ইয়াৰ উপৰিও টেষ্ট ক্ৰিকেটত ৫১টা শতকৰ বিশ্ব অভিলেখো তেওঁৰ নামতেই। আনহাতে ২০০খন টেষ্ট মেচ খেলাৰ বিশ্ব অভিলেখো আছে তেণ্ডুলকাৰৰ। এনে বহু অভিলেখ আৰু বিশ্ব অভিলেখ ৰচি থৈছে শচীন তেণ্ডুলকাৰে। সেইবাবেই তেওঁক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। আজি বিশ্বযুৰি উদযাপন কৰা হৈছে ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ জন্মদিন।

Related News